KAILASA Library/Life Bliss Meditation/নিৰ্মোহ হোৱাSign in
Life Bliss Meditation

নিৰ্মোহ হোৱা

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

(অৱধি - ৭ মিনিট)

এতিয়া আৰু সাতমিনিট সময় মনটো বান্ধোনমুক্ত (নিৰ্মোহ) কৰি ৰাখা।

মন হ'ল কেতবোৰ চিন্তা-ভাৱনাৰ সমষ্টি। মনলৈ এটাৰ পিচত আনটো চিন্তা আহিবই লাগিছে। কিন্তু এই চিন্তাবোৰ, স্বাভাৱিকতে, অসংলগ্ন। সিহঁত যেন মাছৰ পখুৰীৰ বুৰবুৰণি। এই বুৰবুৰণিবোৰ সংলগ্ন নহয়। সিহঁত পৰস্পৰ বিচ্ছিন্ন। কিন্তু দেখাাত সংলগ্ন যেন লাগে। সেইদৰে আমাৰ চিন্তাবোৰো পৃথক পৃথক, কিন্তু দেখাত সাঙুৰ খাই থকা যেন লাগে। তুমি এটা সৰু পৰীক্ষা কৰিব পাৰা। মনত যেতিয়াই যিটো ভাবে খুন্দা মাৰেই সেই সকলো লিখি যোৱা। এতিয়া দহ মিনিট সময় নিশ্চুপ হৈ বহা আৰু ভাৱনাবোৰ ৰেকৰ্ড কৰি যোৱা। ভাৱনাবোৰক নদমাবা বা ভাবিবলৈ নেৰিবা। মাত্ৰ নিঃশব্দে, মনলৈ বৈ অহা ভাববোৰ চাই যোৱা আৰু কাগজ এখনত লিখি যোৱা। এই কাম দহ মিনিট কৰাচোন। দহমিনিটৰ অন্তত যি লিখিলা পঢ়া। দেখিবা যে এইয়া এক উন্মাদ লোকৰ ডায়েৰী! এটা বৃহৎ বিশৃংখল! ইটো ভাবৰ লগত পিচৰ ভাবৰ একো সংগতি নাই। সকলো ভাবেই বান্ধোনমুক্ত আৰু অসংলগ্ন। লিখা কাৰণে গম পাব পাৰিলা যে তোমাৰ চিন্তা ভাৱনাবোৰৰ কোনো বাস্তবিক চিজিল সম্পর্ক নাই। তুমি এই মাত্ৰ এপিয়লা কফিৰ কথা ভাবিলা, তাৰ পিচ মুহূৰ্ততে তুমি অফিচত এৰি অহা আধৰুৱা কামটোৰ কথা মনলৈ আহিল। কিন্তু দুইটা কাৰ্য স্বতন্ত্র। আনকি একেটা কাৰ্যসম্বন্ধীয় দুটা ক্ৰমিক চিন্তাৰো কোনো যোগসূত্র নাথাকে। এই চিন্তা সমূহৰ মাজত সদায় ফাক থাকে। চিন্তা সমূহৰ মাজৰ ফাকবোৰ হ'ল নিস্তব্ধতাৰ সময়। চিন্তাবোৰৰ স্বভাবসুলভ প্ৰবৃত্তিযেই হ'ল বান্ধোনমুক্ত (নিৰ্মোহ)।

আমি এই ভাববোৰ সংযুক্ত কৰিবলৈ গৈ সমস্যাত পৰো। অসংলগ্ন ভাববোৰ সংলগ্ন কৰিবলৈ গৈ কষ্ট ভোগ কৰোঁ। উদাহৰণ স্বৰূপে ধৰা তুমি দহ বছৰৰ আগতে আইচক্ৰীম খাইছিলা, সাত বছৰৰ আগতেও এবাৰ খাইছিলা, যোৱা দুবছৰৰ আগতেও আইচক্ৰীম খাইছিলা,

আনকি যোৱা কালিও আইচক্ৰীম খালা। এই সকলো অভিজ্ঞতাই তোমাৰ বাবে সুখদায়ক। প্ৰতিবাৰতে তুমি আইচক্ৰীম খোৱাৰ জুতিটো ভাবি তোমাৰ মন পুলকিত হ'ব পাৰে। বিপদ হ'ল যে তুমি এইবোৰ অভিজ্ঞতা একাকাৰ কৰি পেলাইছা আৰু এক কল্পলোকত বাস কৰিছা বা এনেদৰে ভাবিছা যে আইচক্ৰীম খোৱাটো এক আনন্দদায়ক কাৰ্য। গতিকে এই কাৰ্যৰে তুমি ভৱিষ্যতে আকৌ আনন্দ লাভ আশাত থাকিবা। তুমি এনেদৰে সদৃশ ভাববোৰ সংলগ্ন কৰিবলে গৈ বিপদাত পৰা। কেতিয়াবা তোমাৰ অভিজ্ঞতা এনে হয় যে কেইদিনমান আগেয়ে খোৱা আৰু এবছৰৰ আগেয়ে খোৱা ইচক্ৰীমৰ সোৱাদ একে নালাগিব পাৰে।

তুমি আইচক্ৰীম নাখালেও, মনতে ভাবিব পাৰা যে আইচক্ৰীম খাবলৈ ভাল লাগিব। যিহেতু তুমি অসংলগ্ন ভাববোৰ একাকাৰ কৰাত অভ্যস্ত হৈছা, গতিকে তুমি নজনাকৈয়ে আইচক্ৰীম খোৱাৰ আনন্দ অনুভৱ কৰিবা।

কষ্টভোগৰ ক্ষেত্ৰতো একে কথাই। তুমি দহ বছৰৰ আগতে পোৱা কষ্ট বা সাত বছৰৰ আগতে পোৱা কষ্ট বা তিনিবছৰৰ আগতে অথবা যোৱাকালি পোৱা কষ্ট আটাইবোৰ ভিন্ন ঘটনা। এই ঘটনাসমূহৰ যোগসূত্ৰ নাই। কিন্তু তুমি সিহঁতক টানি আজুৰি সংলগ্ন কৰি ভাবিবলৈ ধৰা "মোৰ জীৱনটো দুখেৰে ভৰা”। যদি তোমাৰ জীৱনত অনেক সুখৰ অনুভূতি আছে, তেন্তে তুমি হয়তো ক'বা, "মোৰ জীৱন আনন্দময়।" আচলতে ইহঁতৰ এটাও শুদ্ধ নহয়। তোমাৰ জীৱন দুখৰো নহয়, নহয় সুখৰো কাৰণ এই ভাববোৰ সংলগ্ন কৰিব বিচৰাটোৱেই ভুল। ভাববোৰ সংলগ্ন সম্ভৱ বুলি ভবা ধাৰণাটো ভ্ৰমাত্মক। আমি সকলো ভাব একত্ৰ কৰিব নোৱাৰো। আমি মনত পেলাব পৰা ভাববোৰক একত্ৰ কৰিবলৈ প্ৰয়াস কৰোঁহঁক। যিদৰে এমুঠি ফুলৰ পৰা ফুল তুলি মালা গাঁথো, সেইদৰে লাখ লাখ ভাবৰ পৰা আমি মনত পৰাবোৰ বুটলো, তাৰ মাজতে সুৰুঙা বিচাৰোঁ। এই সুৰুঙা বিচৰাটোৱেই ঘাই পাপ। সুৰুঙা নিৰ্মাণ কৰা মানে কষ্ট সৃষ্টি। যদি তুমি আনন্দৰ ভ্ৰম এটা বনাইছা, তেন্তে তুমি তাৰ পৰিসৰ বঢ়াবলৈ যত্নপৰ হ'বা কিয়নো তোমাৰ মনত সেই আনন্দ পুনৰ লাভৰ লিপ্সা থাকিব। যদি তোমাৰ দুখৰ ভ্ৰম আছে, তেন্তে তুমি তাৰ পৰিসৰ ঠেঁকাবলৈ যত্ন কৰিবা ; কিয়নো তোমাৰ মোচনৰ বাসনা থাকিব। কিন্তু তুমি ভ্ৰমৰ বিস্তাৰ বা সংকোচন কৰাৰ কথা যে ভাবিছা সি অমূলক; কাৰণ ভ্ৰমৰ অস্তিত্ব নাই। ই এক কল্পনাসম্ভূত ধাৰণা। ভ্ৰমৰ সৃষ্টি তোমাৰ মাজতে অন্য এক ভ্ৰম হৈ ৰ'ব।

তুমি ভ্ৰম বঢ়োৱা বা কমোৱা কামত লাগিলা। কোনো সম্পৰ্ক যদি মধুৰ হয় তাক ভৱিষ্যতলৈও মধুৰ কৰি ৰাখিব বিচাৰা আকৌ যদি সম্পৰ্কটো তিক্ত হয় তেন্তে তাক তুমি ভাঙিব বিচৰা নতুবা এনে ধাৰণা দিয়া যে সি তোমাৰ বাবে সুখকৰ নহয়। তুমি নাভাবা যে প্ৰতিক্ষণতে তুমি নতুন সম্পৰ্ক পাই আছা, কাৰণ প্ৰতি ক্ষণতে দুজন নতুন ব্যক্তিৰ সঙ্গ লৈছা। কিয়নো প্ৰকৃতিজাত গুণৰ দ্বাৰাই আমি বন্ধনমুক্ত।

সুখ বা দুখৰ কাৰণে আচল সমস্যাটো হোৱা নাই। আচল সমস্যাটো আহিছে আমি দুয়োটাকে (সুখ, দুখ) ভুলকৈ বুজাৰ বাবে। এজন যোগী পুৰুষে সুখ আহিলে আনন্দ কৰি উপভোগ কৰে আৰু পাহৰি যায়; দুখ আহিলেও তেওঁ সহ্য কৰে আৰু পিছত পাহৰি পেলায়। তেওঁ এই সুখ বা দুখৰ অভিজ্ঞতা কঢ়িয়াই লৈ নুফুৰে। আমি (সাধাৰণ লোকে) এইবোৰ কঢ়িয়াই লৈ ফুৰো বাবেই যন্ত্ৰণা ভুগিব লাগে।

পৃথিৱীত থাকি আমি শান্তি আৰু সমন্বয়ৰ মাজত বৰ্তিব পাৰো। পাৰ্থিৱ মানেই পৰিত্যাজ্য নহয়। ক্ষুদ্ৰ সত্তা পৰিত্যাজ্য। এবাৰ যদি আমি ভ্ৰমৰ কথা এৰো, তেন্তে আমি বুজি উঠিম যে যি সত্তাটো আমি বৰ্তাই ৰাখিব বিচাৰিছো সিয়ে দুখৰ কাৰণ। যি মুহূৰ্ততে আমাৰ সত্তাক জোকাবি পেলাম তেতিয়াই আমি পৰম শান্তিত প্ৰৱেশ কৰিম। তেতিয়া আৰু বাহ্যিক ঘটনাই টলাব নোৱাৰে, কিয়নো এই ঘটনাবোৰৰ প্ৰতি মোহ কেতিয়াবাই পৰিত্যাগ কৰা হৈছে। গতিকে এতিয়া পোৱা প্ৰতিটো ঘটনাই হ’ব নবীন। এতিয়া তুমি জীৱনটোক এক অধিক অনুপম ৰূপত দেখিবলৈ আৰম্ভ কৰিবা। প্ৰতিটোৱে হ’ব সুখদ আৰু শান্তিপ্রদ। তুমি এতিয়া সকলোকে মানি ল’বলৈ এৰিবা।

জীৱনটো মুহূৰ্তে মুহূৰ্তে গ্ৰহণ কৰিব পাৰা যদি, স্বাভাৱিকতে তোমালৈ পৰম শান্তি আহিব। লাই দিলেহে বাহ্যিক পৰিৱেশে তোমাক আমনি কৰিব পাৰে। তোমাৰ মৌন অনুমতি নহ’লে কোনোৱে তোমাক আমনি কৰিবহি নোৱাৰে। মানুহে কয় যে আমি বাৰু মুহূৰ্তৰ উপলব্ধিৰে জীয়াই থাকিলো, কিন্তু আমাৰ চতুষ্পাৰ্শে থকা লোকসকলে তেনেদৰে নাথাকে, তেন্তে তেওঁলোকে আমাক তেওঁলোকৰ বহতীয়া কৰিবলৈ চাব। গতিকে মনত ৰাখিবা, তুমি অটল থাকিলে তোমাৰ অনিষ্ট কৰাৰ সাহ কাৰোৰে নাথাকিব। যদি তুমি এবাৰলৈ বুজা যে তুমি বান্ধোনমুক্ত তেন্তে তোমাৰ বাবে শান্তি অৱধাৰিত।

আমি এই ভাববোৰতে সুখ অথবা দুখৰ কাল্পনিক ভ্ৰম ৰচনা কৰোঁ। ভ্ৰম উৎপত্তিৰ লগে লগে অসৎ (unreal) বা অবাস্তৱৰ আবিৰ্ভাৱ হ'ব। ইয়াৰ কাৰণ হ'ল আমি বিচ্ছিন্ন হৈ থকা ভাববোৰক একেডালি সূতাৰে গাঁঠিব খোজোঁ। এই একত্রে গাঁঠিব খোজা কাৰ্যই সংসাৰ সাগৰত দুখৰ কাৰণ। আমি বিচ্ছিন্ন ভাবক একগোট কৰিব বিচৰা কাৰ্যৰ বাবে কাল্পনিক পৰিচয় (শংকৰে যাক জীৱ বুলিছে) বোৰে অস্তিত্ব লাভ কৰে। জীৱ ওলালে মিথ্যাজগত ওলায়। যেতিয়া আমি বান্ধোনমুক্ত হওঁ, তেতিয়া মিথ্যা পৰিচয়বোৰ নাইকিয়া হৈ যায় আৰ তাৰ ঠাইত ব্ৰহ্মন বিবেকে ভুমুকি মাৰেহি।

আমাৰ পৰিচয় দুবিধঃ এক যিটো আমি বাহ্যজগতক দেখুৱাওঁ, দুই যিটো আমি অন্তঃ জগতক দেখুৱাওঁ। প্ৰথমটোক আমি 'অহংকাৰ' আৰু দ্বিতীয়টোক 'মমকাৰ' আখ্যা দিওঁ। দুয়োটা পৰিচয়েৰ পাৰস্পৰিক সংঘাত অবিৰত চলি থাকে। উদাহৰণ স্বৰূপে বাহিৰত দেখুৱাওঁ যে' 'আমি অমুক অমুক, কিন্তু ভিতৰি জানো যে আমি সিমানৰ নহয়, তাতকৈ ভালেখিনি কম।' ভিতৰি আমি আচলতে যিমানৰ বাহিৰত দেখুওৱাটো তাতকৈ সদায় অধিক। অন্যৰ সন্মুখত শ্ৰেষ্ঠত্ব দেখুওৱাত সকলোৰে চখ। আকৌ যি পৰিচয় আমি নিজকে (আন্তঃ জগত) দিওঁ, সেইয়া আচলতকৈ সদায় কম। তুমি নিশ্চয় মন কৰিছা যে আমি নিজৰ খিনিক লৈ সন্তুষ্ট নহওঁ। আমি কিবা প্ৰকাৰে উৎকৰ্ষ সাধনৰ যত্ন কৰি থাকো। আমি অসন্তুষ্ট হৈ থাকো আধ্যাত্মিকভাৱে নতুবা জাগতিকভাৱে। আমি সততে লৈ ফুৰা আন্তঃ পৰিচয় সততে (আচলতকৈ) কিছু কম, আৰ বাহিৰত দেখুওৱাটো প্ৰকৃততকৈ এখোপ চৰা। এই বাবেই দুই পৰিচয়ৰ মাজত অহোভাত্ৰ সংঘাত বিদ্যমান।

সেয়ে আমি বাক্যে বচনে বৰ সতৰ্ক হ'ব লাগে, কাৰণ যি ভাবো সেয়া আমি কমেই কৈ দিওঁ। যদি আমি যি ভাবো তাক যথাযথ শব্দৰে প্ৰকাশ কৰো তেন্তে আমাৰ কাষৰ মানুহ ফৰিং চিটিকা দি আঁতৰিব। ৰামকৃষ্ণ (পৰমহংস)ই সেয়ে কৈছিল ঃ 'তোমাৰ ভাবনা আৰু শব্দক একেভগ কৰিব পৰাটোৱেই আধ্যাত্মিকতা।' সেইটো সম্ভৱ যেতিয়া আমি এই দুয়োটা পৰিচয়ক চেৰাই যাব পাৰিমহঁক।

উপৰিউক্ত দুয়োটা পৰিচয় কিন্তু অমুলক। কিয়নো ইহঁতৰ উৎপত্তি হৈছে আমি সৃষ্টি কৰা ভ্ৰমৰ পৰা। আমাৰ এই দুই পৰিচয় থকালৈকে আমি সংসাৰত বন্দী। ইহঁতৰ কবলৰ পৰা