চক্ৰ সজাগতা
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
(অৱধিঃ ৭ মিনিট)
এতিয়া তুমি বজ্ৰাসন অথবা পদ্মাসনত বহি ল'ব পাৰা। মূলাধাৰ চক্ৰৰ পৰা ক্ৰমে সহস্ৰাৰ চক্ৰলৈ তুমি অনুভৱ কৰি যোৱা।
আমাৰ শৰীৰত সাতটা উৰ্জা কেন্দ্ৰ (চক্ৰ) আছে। দেহৰ কোন ঠাইত কোনটোৰ অৱস্থান আমি জানি লওহঁক।
আমাৰ ব্যক্তিত্বৰ তিনিটা শৰীৰ থাকেঃ স্থূল শৰীৰ (দেহটো), সূক্ষ্মশৰীৰ (মানসিক অৱস্থা) আৰু কৰণ শৰীৰ।
সেইদৰে বিবেকৰ অৱস্থা তিনিটাঃ জাগ্ৰত অৱস্থা, সুপ্ত অৱস্থা আৰু নিদ্ৰা অৱস্থা।
এই ব্যক্তিত্বৰ তিনি অৱস্থা আৰু বিবেকৰ তিনি অৱস্থাৰ সিপাৰে আছে আত্মন (সত্য সত্তা)। চূড়ান্ত ৰূপটোক আমি কওঁ ত্ৰৈৱলক্ষণ, পঞ্চকোষ তীৰ্থ, অৱস্থা ত্ৰিয় সাক্ষী (ক্ৰমে তিনি শৰীৰৰ সাক্ষী, পাঁচ কোষৰ সাক্ষী আৰু বিবেকৰ তিনি অৱস্থাৰ সাক্ষী)। স্থূল শৰীৰ হ'ল এইটো যিটো দেখিছো যি সাৰে থাকোতে খায়, গতি কৰে। সূক্ষ্ম শৰীৰ হ'ল সেইটো যিটোক আমি সপোন দেঘাত ব্যৱহাৰ কৰো (অৰ্থাৎ ভাবো)। তুমি সোঁশৰীৰে ভাৰতৰ নিজৰ ঘৰত বিদ্যমান কিন্তু তোমাৰ সূক্ষ্মশৰীৰ অৰ্থাৎ মন হয়তো কোনোবা অজানা দেশত বৰ্তমান। অৱশ্যে সাৰে থাকোতেও তুমি সূক্ষ্ম শৰীৰৰ ব্যৱহাৰ কৰি থাকা। কৰণ শৰীৰ হ'ল সেইটো যিটোক আমি গভীৰ জিৰণি আৰু সপোনহীন নিদ্ৰাত ব্যৱহাৰ কৰোঁ। নিদ্ৰা আৱৰ্তত কেইবাটাও ভাগ আছে। য'ত মন সুপ্ত হয় আৰু ভাৱ নাথাকে- এই সময়তে কৰণ শৰীৰৰ অনুভূতি আহে।
এই তিনি শৰীৰ কিন্তু বিচ্ছিন্ন নহয়। সিহঁত নিকপকপীয়াকৈ সাঙুৰ খাই আছে। এখন উকা কাগজত দুডাল বক্ৰৰেখা এনেদৰে অংকন কৰা যাতে সিহঁতে সাতটা স্পষ্ট বিন্দুত পৰস্পৰ ছেদ কৰে। ইয়াৰ এডালে যদি স্থূল শৰীৰ বুজায় আৰু আনডালে সূক্ষ্ম শৰীৰ বুজায় আৰু কাকতখনৰ কাৰণ শৰীৰ বুজায়, তেন্তে সেই সাতোটা বিন্দু (য'ত স্থূল শৰীৰ, আৰু সূক্ষ্ম শৰীৰে, কাৰণ শৰীৰক স্পর্শ কৰিছে) হ'ল সাতোটা উর্জা কেন্দ্ৰৰ স্থান। এই সপ্ত উর্জাকেন্দ্ৰ হ'ল তিনিঅবিধ "শৰীৰ"ৰ ছেদবিন্দু। এই তিনি বিন্দু এক আধিভৌতিক (meta phyical) সমতলত অবস্থান কৰে। অতি শেহতীয়াকে গৱেষণাত অ'ৰা ফট'গ্রাফী (aura Photogra-phy) ৰ সহায়তে এই বিন্দু সমূহৰ ছবি লোৱা সম্ভৱ হৈছে।
এই সাতোটা উর্জা কেন্দ্ৰ আমাৰ সত্ত্বাৰ বিশেষ বিশেষ আবেগৰ সৈতে নিবিড় সংযুক্ত হৈ আছে। এই আবেগবোৰ হ'ল তাৰ অতীত জীৱনত পুঞ্জীভূত সংস্কাৰৰ প্ৰতিফলন। এই সংস্কাৰ সমূহে সেই উর্জা কেন্দ্ৰক সোপা দিয়ে যি (আমাৰ) দৈহিক আৰু মানসিক অশান্তি উৎপন্ন কৰে।
সজাগতাৰ অভাৱত সংস্কাৰবোৰ আমাৰ সত্তাত ৰৈ যায়। উর্জা কেন্দ্র উত্তেজিত হ'লে, উর্জা কেন্দ্ৰবোৰৰ সমুখৰ বাধাবোৰ আৰ্তৰি যায় আৰু তেতিয়া প্রেম, চেনেহ, দয়া আদি ধণাত্মক আবেগবোৰে কিৰিলি পাৰি ওলাই আহে।
আমাৰ বিকাৰৰ সৰহবোৰেই মন আৰু শৰীৰ (psychosomatic) সম্পৰ্কীয়। সিহঁতৰ মূল শিপা ডাল আছে মনত। আমি যি দেখা পাওঁ সেয়া পৰিণামহে। আমি মন আৰু শৰীৰৰ এই সম্বন্ধটো আচলতে বুজি নাপাওঁ। যদি কোনো উর্জাকেন্দ্র বাধাপ্রাপ্ত হয়, তেন্তে সেই কেন্দ্ৰ থকা দেহৰ অংশত বিকাৰে দেখা দিয়ে। তুমি নিশ্চয় মন কৰিছা যে তুমি যদি অতি চিন্তাত পৰিছা তেন্তে তোমাৰ পেটৰ অসুখ হৈছে। গতিকে সুস্থ দেহ আৰু মনৰ বাবে উর্জা কেন্দ্ৰ পৰিষ্কাৰকৰণ অপৰিহাৰ্য।
উর্জা কেন্দ্ৰ কিহে বন্ধ কৰে আৰ কিহে খোলে, সেই বিষয়ে মই তলত উল্লেখ কৰিলো।
আবেগসমূহ যেনে কল্পনা, উদ্ভট ধাৰণা, ভয়, দুংচিন্তা, অবজ্ঞা অনুভৱ, ঈর্ষা, অহংকাৰ, স্বার্থপৰতা, অসন্তুষ্টি- এইবোৰৰ স্থিতি ক্ষণাত্মক। ধৰা, এটা কোঠালীত থকা এটা বস্তু কোঠালীটোৰ বাহিৰলৈ নিবলৈ কোৱা হ'ল। তুমি বস্তুটো লৈ যাব পাৰিবা কিয়নো তাৰ ধণাত্মক স্থিতি আছে। এটা অন্ধকাৰ কোঠালীৰ পৰা আন্ধাৰখিনি লৈ যাবলৈ ক'লে, তেনেদৰে নিব নোৱাৰিবা। কিয়নো আন্ধাৰ ক্ষণস্থিতিসম্পন্ন। সেয়ে কোঠালীত বস্তি বা বাল্ব জ্বলালে, আন্ধাৰ আপুনা আপুনি অন্তর্হিত হ'ব।