নিত্যধ্যান
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
নিত্য ধ্যানৰ বিষয়ে ব্যাখ্যা কৰাৰ পূৰ্বে, এই ধাৰণাটো মোলৈ আহিল কেনেকৈ তাকে
কৈ ল'ব বিচাৰিছো। জ্ঞান প্ৰাপ্তিৰ পিচত মই বহু সময় (বহু মাহেই হয়তো) মৌন হৈ
আছিলো আৰু ধ্যান পদ্ধতি বিষয়ত নিমগ্ন আছিলো। মোৰ চিন্তা আছিল যি মই পাইছিলো
সেইয়া কিদৰে অন্যজনক উপলব্ধি কৰাব পাৰো। মোৰ গৱেষণাৰ প্ৰথম ফল হ'ল জীৱন
আনন্দ স্ফুৰণ কাৰ্যক্ৰম (Life Bliss Program) য'ত সাতোটা উৰ্জাকেন্দ্ৰ (energy cen-
tres) ত মোৰ কৰ্ম কেন্দ্ৰীভূত হৈছিল আৰু য'ৰ পৰা মই উদ্ভৱ কৰিছিলো এক ধ্যান পদ্ধতি
যাৰ সহায়ত প্ৰতিটো উৰ্জাকেন্দ্ৰৰ শক্তিবৰ্ধন অথবা পৰিস্কাৰ কৰিব পাৰি। ইয়াৰ পিচতে
আহিল 'নিত্যানন্দ স্ফুৰণ কাৰ্যক্ৰম', য'ত মই এনে এক ধ্যান পদ্ধতি উদ্ভাৱন কৰিলো যাৰ
সহায়ত শক্তি সত্তাৰ সাত তৰপ ভেদ কৰি লোকে এক শক্তি আৰু আশীৰ্বাদ ধন্য মৃত্যুবৰণ
কৰিব পাৰে। পৰৱৰ্তী সময়ত মই বিভিন্ন কাৰ্যক্ৰম যেনে ধ্যান স্ফুৰণ কাৰ্যক্ৰম, আত্মস্ফূৰণ
কাৰ্যক্ৰম আদি প্ৰচলন কৰিছো যাৰ সহায়ত মানুহে সত্য উপলব্ধি কৰাৰ পূৰ্ণ যোগ্যতা আহৰণ
কৰিব পাৰে। মই এনে শতাধিক ধ্যানৰ কাৰ্যক্ৰমৰ ৰচনা কৰিছো- যাৰ যোগেদি এজন, তেনেদৰে
অনুশীলন কৰা, ব্যক্তিৰ বিবেকৰ বিকাশ ঘটিব পাৰে।
মানুহে মোক সঘনে সোধে তেওঁলোকে প্রতিদিন অভ্যাস কৰিব পৰাকৈ মই কোনো
ধ্যান পদ্ধতিৰ বিষয়ে ক'ব পাৰিম নে? এই প্রশ্ন বাৰে বাৰে অহাত, মই সেই বিষয়ে ন-কৈ
দ-কৈ ভাবিলো।
মই গভীৰভাৱে এক ধ্যান পদ্ধতিৰ কথা ভাবিলো যিটোৱে মোৰ দৰ্শন, শিক্ষা আৰু
মোৰ অভিজ্ঞতাক পুৰাপুৰিকৈ বুজাব পাৰে। এদিন এক ধ্যান পদ্ধতিৰ মোৰ দিব্যদর্শন ঘটিল
আৰু অনুভৱ কৰিলো ইয়ে মোৰ অভিলাষৰ চূড়ান্ত ৰূপ। “নিত্য ধ্যান” (যাৰ বিষয়ে মই
অলপতে ক'ম)ৰ মোৰ মানস পটলে বিজুলী চমকৰ দৰে আহিল, মই মুহূর্ততে ইয়াৰ বিভিন্ন
অংশবোৰ জল জল পট পট দেখা পালো। মই বুজি উঠিলো যে নিত্য ধ্যান হ'ল মোৰ সুদীর্ঘ
গৱেষণাৰ মণিমুকুতা।
তুমি এটা কথা এতিয়া জনা দৰ্কাৰ। এজন ঋষিক 'মন্ত্রদ্রষ্টা' বোলা হয়। ইয়াৰ মানে
Ebook ISBN: 979-8-88572-236-0
সঘন শ্বাস-প্ৰশ্বাস
(অৱধি: ৭ মিনিট)
প্ৰথম সাত মিনিটৰ কাম। বজ্ৰাসনত বহা। চকু জপোৱা ; হাত ককালত। উশাহ-নিশাহ জোৰজোৰকৈ আৰু দীঘল দীঘলকৈ লোৱা-এৰা। উশাহ-নিশাহত মন নিবিষ্ট কৰা। তোমাৰ সমস্ত সত্তা উশাহ-নিশাহময় হ'ব লাগিব। সাধাৰণতে আমাৰ দেহত উর্জা (energy) সহস্ৰ চক্র (শিৰঃ কেন্দ্র)ৰ পৰা মূলাধাৰ চক্র লৈ বৈ যায়। বজ্ৰাসনে উর্জাৰ উর্দ্ধগতিক সহায় কৰে।
আধ্যাত্মিক যি কোনো অভ্যাসৰ বাবে শ্বাসপ্রশ্বাস হ'ল সর্বোত্তম উপায়। ধ্যান-পদ্ধতি বহুত আছে। কিছুমানে চাই থকাত গুৰুত্ব দিয়ে, কোনোৱে এটা শব্দ বা মন্ত্র উচ্চাৰণত গুৰুত্ব দিয়ে। কিন্তু মোৰ মতেৰে শ্বাস-প্রশ্বাস সর্বোত্তম।
তোমাৰ দেহত দুই পদ্ধতি (system) য়ে কাম কৰি আছে। এটা চলনীয় আৰু আনটো স্বয়ংক্রিয়। হাত ভৰি লৰোৱা চলনীয়ৰ উদাহৰণ ; মস্তিষ্কৰ ক্রিয়া, কলিজাৰ ধপধপনি স্বয়ং ক্রিয়ৰ উদাহৰণ। কিন্তু শ্বাস-প্রশ্বাস এনে এক ব্যৱস্থা যে ই উভয়ধর্মী। তুমি নজনাকৈ বা নভৱাকৈ শ্বাস প্রশ্বাস চলি আছে, ই কেতিয়াও স্তব্ধ নহয়। তুমি কিয় এটা মনোযোগেৰে চাওঁতে বা কৰোঁতে উশাহ নিশাহ বন্ধ হোৱা নাই। হ'লেতো সর্বনাশ! অন্যহাতে তুমি উশাহ-নিশাক সীমিত কৰিব পাৰা। তুমি লগা মতে উশাহ-নিশাহ দীঘলকৈ অথবা চুটিকৈ ল'ব পাৰা। কিছু সময়ৰ বাবে তুমি উশাহ-নিশাহ ধৰি ৰাখিব পাৰা অথবা কেইছেকেণ্ডমান বন্ধ কৰিয়ে ৰাখিব পাৰা। গতিকে উশাহ-নিশাহ হ'ল তোমাৰ চলনীয় আৰু স্বয়ংক্রিয় প্রক্রিয়া দুটাৰ সংযোগ কর্তা।
কিন্তু উশাহ-নিশাহ একেবাৰে বন্ধ কৰিব নোৱাৰি ; তেনে মানেতো মৃত্যু। এনে ভাব হ'ব তোমাৰ জীৱনেচ্ছা আৰু তোমাৰ সংকল্পৰ মাজত তয়াময়া ৰণ। সাধাৰণতে জীৱনেচ্ছা সদায় সংকল্পতকৈ শক্তিশালী। জীৱনেচ্ছাৰ গুণত দেহৰ সকলো স্বয়ংক্রিয় কার্য চলে। তোমাৰ জীৱনেচ্ছা আছে বাবেই তুমি জীয়াই আছা। তোমাৰ উশাহ-নিশাহ চলাৰ ঘাই কাৰণ হ'ল জীৱনেচ্ছা।
তুমি হয়তো মন নকৰিব পাৰা, কিন্তু তোমাৰ শ্বাস-প্ৰশ্বাসৰ গুণগত পৰিৱৰ্তন হৈ থাকে সেই সময়ৰ তোমাৰ মানসিক স্থিতি অনুসৰি। তোমাৰ আবেগৰ প্ৰভাৱ থাকে তোমাৰ শ্বাসপ্ৰশ্বাসৰ ওপৰত। উৎণ্ঠাত থাকিলে উশাহ-নিশাহৰ গতি সলনি হয়; সেইদৰে খঙ উঠা বা সম্ভোগৰ ক্ষেত্ৰতো। প্রেমালাপৰ সময়ৰ উশাহ-নিশাহৰ গতিও ভিন্ন। সেয়ে দেখা গ'ল যে উশাহ-নিশাহৰ পৰিৱৰ্তন আবেগৰ ওপৰত নিৰ্ভৰশীল। মনৰ স্থিতিৰ সলনিৰ লগে লগে ইয়াৰো পৰিৱৰ্তন হৈ থাকে। মনৰ উদ্বেগ প্রশমিত কৰাৰ উপায় গভীৰ শ্বাস। গভীৰ শ্বাস লোৱাৰ লগে লগে তোমাৰ মন ফৰকাল হ'ব, উদ্বেগ আঁতৰিব। মন আৰু শ্বাসৰ গভীৰ সম্পৰ্ক আছে। মন কৰিবা শ্বাস ৰুদ্ধ কৰি চিন্তা কৰা বৰ কঠিন। শ্বাস-প্ৰশ্বাস হ'ল মনৰ বাবে ইন্ধনতুল্য। ইয়াক সংস্কৃতত প্ৰাণ বোলো। দৰাচলতে প্ৰাণ শব্দই পোনপটীয়াকৈ শ্বাস-প্ৰশ্বাস নুবুজায়, বুজায় শ্বাস-প্ৰশ্বাসত প্ৰবাহিত ঊর্ধ্বিকহে। সেই ঊর্ধ্বই হ'ল জীৱন শক্তি।
তৈত্তিৰীয় উপনিষদত জীৱনৰ পঞ্চকোষ— অন্নময় (দেহ) কোষ, প্রাণময় (শ্বাস-প্ৰশ্বাস) কোষ, মনোময় (মন) কোষ, বিজ্ঞানময় (বুদ্ধিজ্ঞান) কোষ আৰু আনন্দময় (শান্তি) কোষৰ কথা কোৱা হৈছে। এই কোষবোৰ পিয়াজৰ তৰপবোৰৰ দৰে; ইহঁতে কেন্দ্ৰৰূপ আত্মনক আৱৰি আছে। প্রাণময় কোষত তোমাৰ ইচ্ছাবোৰ স্তূপীকৃত হৈ আছে। গতিকে তোমাৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰি তোমাৰ প্ৰাণ সঞ্চালিত হয়। তোমাৰ প্ৰাণ (শ্বাস-প্ৰশ্বাস) আৰু ইচ্ছা এডাল দোলেৰে টানকৈ বন্ধা। তুমি লক্ষ্য কৰিবা ইচ্ছা অতিপাত বাঢ়িলে শ্বাস-প্ৰশ্বাস সঘন আৰু গভীৰ হয়; অন্যহাতে ইচ্ছা কম হ'লে শ্বাস-প্ৰশ্বাসত উলাহ।
যিহেতু উশাহ আৰু মন একেলগে সাঙোৰা, গতিকে এটাৰ পৰিৱৰ্তন হ'লে আনটোৰো স্বতঃ পৰিৱৰ্তন ঘটে। আবেগে কেনেদৰে উশাহৰ বেগ সলায় আমি আলোচনা কৰিছোঁৱেই। সেইদৰে, উশাহ নিয়ন্ত্ৰণ অথবা গ্ৰহণৰ পৰিৱৰ্তন আনি আমি আমাৰ আবেগক শাসন কৰিব পাৰোহঁক।
আমাৰ স্মৃতিবোৰ মাংসপেশীত গচ্ছিত হৈ থাকে। দেহাৰ এটা অংগ হানি হ'লে সেই অংগৰ সৈতে থকা স্মৃতিবোৰ হেৰাই যায়। এটা সৰু পৰীক্ষাৰে কথাটো চাব পাৰি। তোমাৰ সত্তাক কল্পনা নকৰাকৈ তোমাৰ অতীত জীৱনৰ কোনো ঘটনাৰ বিষয়ে ভাবি চোৱাচোন। নোৱাৰা; কিয়নো ই অসম্ভৱ। তোমাৰ সত্তাত সকলো স্মৃতি নিমজ্জিত, সেয়ে কিবা ভাবিবলৈ পূৰ্বৰ সকলো সংস্কাৰ নিৰ্মূল কৰিব ; সেইবোৰ গছজোপা জোকাৰিলে শুকান পাত সৰাদি সৰি পৰিব। এই বিশৃংখল স্বাসে তোমাৰ ৰুদ্ধ প্ৰণালীবোৰক মুকলি কৰি দিব, লগতে মুকলি কৰি দিব পূৰ্বৰ সকলো বদ্ধমূল ধাৰণা (স্মৃতি)। (বিজ্ঞানৰ দৃষ্টিত) গভীৰ বিশৃংখল শ্বাস-প্ৰশ্বাসৰ ফলত দেহলৈ প্ৰচুৰ অক্সিজেন সোমায় আৰু সেইমতে কাৰ্বন-ডাই-অক্সাইড নিৰ্গত হয়। ইয়াৰ ফলত তুমি অধিক উল্লসিত আৰু সতেজ অনুভৱ কৰিবা। তেন্তে অধিক অক্সিজেন গ্ৰহণ কৰাৰ ফলত গোটেই দেহত এক আনন্দৰ স্ফুলিঙ্গ বিয়পি পৰে, দেহাৰ কোষবোৰে অধিক জৈৱ-উৰ্জা (Bio-energy) উৎপন্ন কৰে।
স্বাভাৱিকতে আমি আমাক মৃত ভৰ কিছুমান বুলি ভাবো। কিয়নো আমাৰ দেহটো কদাপি জীৱন্ত নহয়। আৱেগ-উদ্বেগৰ চেপাত থাকে আমাৰ শৰীৰ। অধিক অক্সিজেন সেৱনত দেহা জীৱন্ত হয় আৰু তুমি লাহি লাহি অনুভৱ কৰিবা। তেতিয়া তুমি নিজকে দ্ৰব্য (matter) বুলি নাভাবি উৰ্জা (energy) বুলি ভাবিবলৈ ধৰিবা। জমা থকা স্মৃতিবোৰৰ বাবেই গা গধুৰ লাগে।
বৌদ্ধ বিহাৰত এগৰাকী বৌদ্ধক সন্যাসী ঘোষণা কৰাৰ এক পৰম্পৰা আছে। প্ৰত্যাশীজনক বননিত খোজ কাঢ়িবলৈ দিয়া হয়। যদি তেওঁৰ খোজৰ ভৰত দুবৰি চেপেটা লাগে বা মৰে তেন্তে তেওঁ সন্যাসী হ'বৰ উপযুক্ততা পোৱা নাই। তেওঁক অধিক আধ্যাত্মিক জ্ঞান দি পিচত সেই পৰীক্ষা লোৱা হয়। কম সংস্কাৰৰ লোকে ঘাঁহে কষ্ট নোপোৱা খোজ দিবই নোৱাৰে।
বিশৃংখল শ্বাসৰ ফলত হোৱা অধিক অক্সিজেন আৰু হ্রাসমান কাৰ্বন-ডাই-অক্সাইডৰ গুণত, তোমাৰ চেপা খাই থকা প্রণালী সাৰ পাই উঠিব। উৎপাদিত জৈৱ উৰ্জাই তোমাৰ মাংসপেশীবোৰ কোমল কৰিব, সংস্কাৰবোৰ ধুই পখালি নিকা কৰিব; তুমি নিজকে পাতল পাতল যেন পাবা, আনন্দৰ ভাৱ এটাই মন বুৰাই পেলাব। আৰু তেতিয়াই তুমি দ্বিতীয় ধাপলৈ যাবলৈ যোগ্যতা লভিবা।
এই বিষয়ে অধিক জানিব খুজিলে তুমি দুঃখ হৰণ ধ্যান অভ্যাস কৰিব পাৰা- যিটো আনন্দ স্ফুৰণ প্ৰগ্ৰামত শিকোৱা হয়।
নেৰানেপেৰাকৈ আমনি দি থাকে, তেতিয়া গভীৰ গুঞ্জন এক মহান নিদান হ'ব পাৰে। ইয়াৰ সহায়ত তুমি মন মৌন কৰিব পাৰা। আন্তঃ খেলিমেলিবোৰৰ উৎপন্ন থলী হ'ল মণিপূৰক আৰু স্বাধিষ্ঠান চক্ৰৰ মধ্যস্থল। এই স্থলক বিৰাম বোলা হয়। গুঞ্জন এনে উগ্ৰভাৱে কৰিব লাগে যাতে তাক নাভিৰ ঠিক তলত অনুভূত হয়, তেতিয়া আন্তঃখেলিমেলিৰ মূদা মৰে। গতিকে গুঞ্জন নাভি তলৰ পৰা হ'ব লাগে।
আন্তঃ খেলিমেলি আৰু মন অভিন্ন। গুঞ্জনৰ ফলত আন্তঃ খেলিমেলি হ্রাস পালে, তুমি মনহীন অৱস্থালৈ গতি কৰিবা। তেতিয়া তুমি তোমাৰ সত্ত্বাৰ এক নবীন মাত্ৰা অনুভৱ কৰিবা।
এজন পাৰ্গত গাড়ীচালকে তেওঁৰ গাড়ীখনৰ বিষয়ে ভালকৈ জানে; বিভিন্ন গতিত গাড়ীৰ ইঞ্জিনৰ শব্দটো তেওঁ বুজ পায়। ইঞ্জিনৰ শব্দৰ পৰাই তেওঁ গাড়ীৰ কি ক'ত বিসংগতি হৈছে তত পায় আৰু সেই মতে তাৰ প্ৰতিকাৰ কৰে। গাড়ীৰ অন্য যাত্ৰীয়ে কিন্তু এই বিষয়ে গমকে নাপায়। সেইদৰে তুমি যদি গুঞ্জনৰ প্ৰাৱল্য আৰু গুণত ভিত্তি কৰি ধ্যান কৰা তেন্তে তুমি তোমাৰ দেহ ক্ৰিয়াসমূহ বুজিব পাৰিবা। তুমি যদি ভুৰিভোজন কৰিছা অথবা দেহে নসহা খাদ্য খাইছা, তেন্তে তুমি গুঞ্জনৰ ক্ষেত্ৰত এক পাৰ্থক্য দেখিবা। তোমাৰ দেহৰ অনুকূলে গুঞ্জন মিহি অথবা সহনীয় কৰিবা। গুঞ্জনে তোমাৰ শৰীৰৰ সূক্ষ্ম অনুকম্পনবোৰৰ বিষয়ে জনাত সহায় কৰিব আৰু কিবা শুশ্ৰূণিমূলক কাৰ্য্য থাকিলে তাৰো ইঙ্গিত দিব। এই কাৰ্য্য আপনাআপুনি হয়, নিজে আগ্ৰহ কৰিব নালাগে।
আমাৰ দেহ আৰু মন সদায়ে সংগতিৰ বাহিৰত থাকে। তোমাৰ দেহা ইয়াত থাকিব পাৰে, কিন্তু প্ৰায় নিঃসন্দেহ তোমাৰ মন ইয়াত (লগত) নাই। তোমাৰ মন সৰ্বদা অন্যত্র ভ্ৰাম্যমান, আমাৰ দেহত সহজাত বোধ থাকে যি অনবৰত কাৰ্যৰত হৈ থাকে। মনে সেই বোধবোৰৰ সৈতে প্ৰতিপোষন কৰিব নিবিচাৰে। ই দেহাক এনে এফালে টানি নিয়ে পিচত যিটো অসুখ ৰূপে পৰিচিত হয়। অসুখ মানে কি? সুখৰ অভাৱ। দেহাক টানি আজুৰি কোনো কামলৈ নিব পাৰি; কিন্তু ই কেতিয়াবা তাৰ বিদ্ৰোহ কৰিবই।
তুমি কতবাৰ অতিভোজন কৰা। শৰীৰে ইংগিত দিয়ে যে পেট ভৰপূৰ হৈছে। কিন্তু মনে নাটে। মনক আৰু লাগে; ই দেহাক ডাষ্টবিনৰ দৰে ভাবি ঠাঁহি গৈ থাকে আৰু দেহাৰ ক্ষতি বাঢ়ে। ইয়াৰ প্ৰতিঘাত পলমকৈ পোৱা যায়। দেহা আৰু মনক অতিক্ৰম কৰিবলৈ হ'লে দেহা