মন্ত্ৰশ্ৰৱণ
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
অৱধিঃ ১০ মিনিট
শেষ স্তৰত, প্রশান্তমনেৰে নিঃশব্দে বহা আৰু উচ্চাৰিত মন্ত্ৰ শ্ৰৱণ কৰা। তোমাৰ অস্তিত্বৰ অনুভৱ কৰা আৰু অনুভৱ কৰা তোমাৰ সত্তাত শক্তিশালী মন্ত্ৰৰ কম্পন। মন্ত্ৰবোৰ এক প্ৰকাৰ উপায়— অস্তিত্বক কৃতজ্ঞতা জনোৱাৰ বা আমাক এই মহান জ্ঞানদাতা সেই গৰাকী শক্তিৰ গুণ গান গোৱাৰ। এই কাৰ্য্যই আমাক অজ্ঞানতাৰ পৰা মুক্ত কৰে আৰু পৰম শান্তি "পৰমানন্দ" লাভৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়।
যদি ক্ৰিয়াকাণ্ডত আস্থা আছে, তেন্তে তুমি 'গুৰুপূজা' পাতি মন্ত্ৰবোৰ বিধিমতে উচ্চাৰণ কৰিব পাৰা।
যদি সেই আগ্রহ নাই, তেন্তে কেৱল নিশ্চুপ বহি মন্ত্ৰ শুনি যাব পাৰা। মন্ত্ৰ শ্ৰৱণেও মহৎ কাৰ্য কৰে। মন্ত্ৰৰ উচ্চাৰণৰ হোৱা কম্পনে তোমাৰ সত্তাক জোকাৰি পৱিত্ৰ আৰু পৰমশান্তিময় কৰি তোলে।
ধ্যানৰ এই কৌশল নিতৌ অন্ততঃ এবাৰ অভ্যাস কৰা; তুমি তোমাৰ সত্তাৰ এক নতুন মাত্ৰাৰ সন্ধান পাবা। এই কৌশলে তোমাৰ দেহ আৰু মনক শুদ্ধ আৰু পৱিত্ৰ পৰমশান্তি লাভৰ দিশত প্ৰেৰণা যোগাব।
তুমি যেন অনুশীলন কৰি অনুভৱ কৰা আৰু লাভ কৰা পৰম শান্তি— নিত্যানন্দ।।