KAILASA Library/তেখেতৰ নাম নিত্যানন্দ/মূৰ্তি আৰু পূজাSign in
তেখেতৰ নাম নিত্যানন্দ

মূৰ্তি আৰু পূজা

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

পূজা 'মূৰ্তি'ৰ নহয়। পূজা 'মূৰ্তি'ৰ যোগেদি (ভগৱানৰ)

— নিত্যানন্দদেৱ

নিত্যানন্দই ঘৰৰ পূজাথলীত অতি
শ্ৰদ্ধাৰে এই পাঁচগৰাকী দেৱী
দেৱতাৰ পূজা কৰে। তেওঁ য'লৈকে
যায় লগতে এই পাঁচ বিগ্ৰহ লৈ যায়।

গণেশ শিৱলিঙ্গ সৰস্বতী লক্ষ্মী সৰ্বদেৱ বিগ্ৰহ

আজি

নিত্যানন্দ চেকেড্ আর্টচ্ প্রিজার্ভেচন (Nithyananda Sacred Arts Preser-vation) হ'ল নিত্যানন্দ মিশনৰ এক বিশিষ্ট অংগ।

পূজাৰ সামগ্ৰী আৰু দেৱ-দেৱীৰ মূৰ্তি

নিত্যানন্দই নিজহাতেৰে মাটিৰে
মূৰ্তি সাজিছিল; শ্রদ্ধাৰে
সেইবোৰৰ পূজা কৰিছিল।
নিত্যানন্দ আৰু তেওঁৰ বন্ধুবৰ্গৰ
উদ্যোগত হোৱা এনে উদ্যোগ-
উৎসৱ মন্দিৰ নগৰী তিৰুৱন্নমালাই
আৰু ইয়াৰ উপকণ্ঠৰ গাঁওবোৰে
দেখিছিল।

ইয়াৰ যোগেদি ‘ভাৰতীয়
মন্দিৰ পৰম্পৰা’ক মানব
সমাজলৈ আগবঢ়োৱা হয়।
পাথৰ, ধাতু, কাঠ আৰু
মাৰ্ব্বলৰ দেৱমূৰ্তি, দ্ৰাবিড়
গঠনৰ মন্দিৰ, কাঠত কটা
দেৱতাৰ বাহন, মন্দিৰ-
অলংকাৰ আৰু বস্ত্ৰাভৰণ,
পূজাৰ উচৰ্গাৰ সামগ্ৰী এই
আটাইবোৰ নিত্যানন্দ দেৱৰ
পোনপটীয়া নিৰ্দেশত নিৰ্মাণ
হয়। ভাৰতৰ বিভিন্ন স্থানৰ
শিল্পী-কাৰিকৰে তেওঁলোকৰ
সৰ্বস্বাপৰ্ণ কৰি এই দৈৱকাৰ্যত
ৰত হৈ আছে।

গণেশে খায় .....

নিত্যান্দই গণেশদেৱতাক প্রতিদিন আহাৰ অর্পণ কৰে। তেওঁ গণেশ দেৱতাক দিয়া অন্ন গণেশক খাবলৈ খাটনি ধৰে, কেতিয়াবা খং কৰি খাবলৈ কয়। কিশোৰ নিত্যানন্দই শুনিছিল যে আগৰ দিনত কোনোবা এজন ল'ৰাই দিয়া প্ৰসাদ দেৱতাই সঁচাসচিকৈ খাইছিল। সেয়ে নিত্যানন্দয়ো ভাবিলে যে তেওঁ গণেশ দেৱতাক প্রসাদ খুৱাব। পিচত তেওঁ অনুনয় বিনয় অথবা খং ৰাগ এৰি, গণেশে নোখোৱালৈকে নিজে নোখোৱাৰ সিদ্ধান্ত ল'লে। এদিন গ'ল, দুদিন গ'ল। নিত্যানন্দৰ নিৰম্বু উপবাস। তৃতীয় দিনা দেখা গ'ল যে অন্নপাত্ৰ উদং। কিশোৰ নিত্যানন্দৰ আনন্দৰ পাৰ নোহোৱা হ'ল, তেওঁ সমৰ্পণৰ শক্তি উপলব্ধি কৰিলে, তেওঁৰ বিশ্বাস গাঢ় হ'ল। গণেশ

১২ বছৰীয়া নিত্যানন্দই অৰুণাচলেশ্বৰ মন্দিৰৰ পার্বতী দেৱীৰ বেদীৰ কাষত ৰৈ থাকোতে এক দিব্য মূর্তি তেওঁৰ মানস পটত ভাঁহি উঠিল। তেওঁ এখন তামৰ ফলি লৈ গজালেৰে সৈতে সেই দিব্যমূর্তি, ফলিখনত অংকন কৰি উলিয়ালে। সেই অংকণ হ'ল 'শ্রীচক্র'— যাক বিশ্ব ব্রহ্মাণ্ডৰ প্রতিভূ বুলি ভৱা হয়।

অনেক কুশলী কাৰিকৰে এই অসাধ্য চিত্র তেওঁনো কেনেকৈ নিখুঁত খোদিত কৰিলে সোধাত শ্রীচক্র নিত্যানন্দদেৱে কৈছিল, “যদি বিষয়বোধ সুগম হয় তেন্তে এনে কার্য সহজ। ইয়াত ন টা ত্রিভুজ আছে, সিহঁতক বিভিন্ন কৌশলেৰে ইটোৰ ওপৰত সিটো জাপি দিয়া হৈছে মাথোন।”

আজি

সমগ্র পৃথিৱীৰ নানা ঠাইত
নিত্যানন্দদেৱে নিৰ্মাণ কৰা
মন্দিৰবোৰত মহান পূজা অর্চনা
অনুষ্ঠিত হয়। পূজাৰ মূল তত্ত্বটো
হ'ল যে ই হ'ল এক বিস্ময়কৰ
আধ্যাত্মিক উপায়— চিৰসত্য সত্তাৰ
সৈতে সমাহিত হ'বলৈ।

ল'চ এঞ্জিলিচ আশ্রমৰ মন্দিৰত শ্রী বিদ্যা পূজাৰ ব্যস্ত পূজাচার্য

বৌদ্ধিক বিশ্বাসে (মানুহৰ) সত্তাক
শক্তিশালী কৰে। ই মানসিক আৰু
শাৰীৰিক শক্তিতকৈ মহান।

—নিত্যানন্দদেৱ।

মাতৃ কুপ্পা অম্মল— অনুঘটক বল

ব্ৰহ্মযোগিনী বিভূধানন্দা দেৱী মাতা কুপ্পাম্মল আছিল নিত্যানন্দৰ শৈশৱকালৰ আধ্যাত্মিক প্রগতিৰ মন্ত্ৰদাত্রী আৰু পালনকৰ্ত্ৰী। বাৰ বছৰ বয়সতে যেতিয়া নিত্যানন্দৰ আধ্যাত্মিক বিকাশ ঘটিবলৈ আৰম্ভ কৰে, তেতিয়া মাতৃগৰাকীয়ে সন্যাসমুখী পুত্ৰৰ পূৰ্ণযতন লয়। তেওঁ পুত্ৰৰ শাৰীৰিক, আবেগিক আৰু আধ্যাত্মিক দিশৰ প্ৰাৰম্ভিক প্রশিক্ষণ দিয়ে। (মাতৃয়ে পুত্ৰৰ ভবিষ্যৎ জীৱন অনুমান কৰিব পাৰিছিল।)

কুপ্পা অম্মল আৰু নিত্যানন্দ

ইচাক্কি স্বামীগাল, আধ্যাত্মিক প্ৰেৰণাদাতা

যুৱ নিত্যানন্দৰ বাবে প্ৰেৰণাৰ মূল আছিল জ্ঞানী ইচাক্কি স্বামীগাল। তেখেতৰ উপৰিও আৰু ভালেখিনি সাধুসন্তৰ সৈতে নিত্যানন্দৰ সাক্ষাৎ আৰু ভাৱ বিনিময় হৈছিল। এই সাধুসন্তসকলৰ সদাপ্রসন্ন সহজ-সৰল সদানন্দ জীৱনশৈলীয়ে নিত্যানন্দৰ মন প্ৰাণ সেই মুখী কৰিছিল।

ইচাক্কি স্বামী গাল

আত্মপুৰাণ (এখন উপনিষদ) হ'ল ইচাক্কি স্বামীগালৰ দান। এই গ্রন্থই নিত্যানন্দক পুথিগত শিক্ষা গ্রহণৰ বাবে আগ্রহী কৰি তোলে।

ওলাই ছুৱাডি

আত্মপুৰাণ

সাঁচিপতীয়া পুথি ‘ওলাই ছুৱাডি’
খনত বৈদিক মন্ত্রাদি লিপিবদ্ধ
আছিল। ইচাক্কি স্বামীগালে এই
বিৰল পুথিখন শিষ্য নিত্যানন্দক
অর্পণ কৰে।

আজি

নিত্যানন্দ আশ্ৰমত কিশোৰ
ব্ৰহ্মচাৰীসকল আৰু ল'ৰা-
ছোৱালীয়ে নিয়মিতৰূপত
গুৰুকুলৰ বেদপাঠ কৰে।
দৈৱ সুৰেৰে বন্ধা এই
শিশুসকলে মানসিক উৎকর্ষ
লাভ কৰে।