যোগী ৰামসুৰত কুমাৰৰ সৈতে এক ইন্দ্রিয়াতীত বন্ধন
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
যোগী ৰামসুৰত কুমাৰ উপাখ্য বিচিসি স্বামীগাল আছিল এগৰাকী জ্ঞানপ্রাপ্ত মনীষী। তেখেতে তিৰুৱন্নমালাইৰ ভগৱান শ্রীৰমণ মহৰ্ষিৰ সমসাময়িক। তিৰুৱন্নমালাইত তেখেত জনাজাত আৰু জনসমাদৃত ঋষি আছিল। নিত্যানন্দ আছিল তেখেতৰ নিয়মিত দর্শনার্থী আৰু শ্রোতা।
তিৰুমূৰ্তি (শ্রীমূর্তি) মন্দিৰৰ কাষৰ এটা ঘৰৰ নামনিত জাবৰ-জোথৰৰ মাজত এজন ভিক্ষাৰীৰ দৰে যোগী ৰামসুৰত কুমাৰ বহি থাকে। সেইখিনিতে মন্দিৰৰ ৰথখন ৰখা হয়। বাটৰুৱাই যোগীক ভূত ভৱিষ্যতৰ কথা সোধে। স্কুলীয়া ছাত্র-ছাত্রীয়ে তেওঁলোকৰ পঢ়া-শুনা পৰীক্ষাৰ কথা সোধে। কদাচিতহে মানুহক তেওঁ উত্তৰ দিয়ে। স্কুলীয়া নিত্যানন্দই কৌতূহলবশতঃ সুধিলে তেওঁ সেইদিনাৰ পৰীক্ষাত উত্তীৰ্ণ হ'বনে? যোগীয়ে ততালিকে উত্তৰ দিলে, “বোপাটি, তুমি জীৱন পৰীক্ষাতে উত্তীৰ্ণ হবা?” ফুকলীয়া নিত্যানন্দই যোগী গৰাকীৰ উত্তৰ অৰ্থ উলিয়াব পৰা নাছিল। কাষতে থাকি কথাখিনি শুনা এগৰাকী মহিলাই নিত্যানন্দক ক'লে, “বোপা, আগবাঢ়া। যোগীৰ কথা হয়তো আজিয়ে নুবুজিবা, সময়ত তেওঁৰ বাক্যৰ অৰ্থ নিশ্চয় হৃদয়ঙ্গম কৰিবা।”
তিৰুৱন্নমালাইৰ এক উৎসৱত যোগী ৰামসুৰত কুমাৰ