KAILASA Library/তেখেতৰ নাম নিত্যানন্দ/অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাতSign in
তেখেতৰ নাম নিত্যানন্দ

অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাত

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

“সত্য অন্বেষণৰ সাহসেই সত্য উপলব্ধিৰ সঁচাৰ কাঠি।”

— নিত্যানন্দদেৱ।

অন্নমালাই স্বামীগাল আছিল ভগৱান শ্ৰীৰমণ মহৰ্ষিৰ পোনপটীয়া শিষ্য। নিত্যানন্দই দহ বছৰমান বয়সৰ পৰা ৰমণৰ আশ্ৰমলৈ যোৱা কৰিছিল। তাত তেওঁ স্বামীগালৰ শিষ্যৰ লগত বহি সততে ধৰ্মীয় ব্যাখ্যান শুনিছিল। এই ব্যাখ্যানৰ অন্য এক আকৰ্ষণ আছিল যে ব্যাখ্যানৰ অন্তত সকলোকে লুজেনগুটি দিয়া হৈছিল।

এদিনাখন, অন্নমালাই স্বামীগালে, 'মায়া' সম্পৰ্কে ব্যাখ্যান দিওঁতে ক'লে, “দেহাটো আমি নহয়; এই দেহাটো নিত্য নহয়; আত্মাহে নিত্য। কোনো দুখ-শোক কষ্টই আত্মাক চুব নোৱাৰে। আমি দুখ-কষ্টৰ ঊৰ্ধ্বত।”

এই প্ৰবচন শুনি নিত্যানন্দ ঘৰলৈ আহিল আৰু এখন কটাৰিৰে নিজৰ সোঁকৰঙণত কাটি চালে-দুখ পায় নে নেপায়? প্রচণ্ড বিষত তেওঁ কান্দিবলৈ ধৰিলে, মাকে ডাক্তৰৰ তালৈ নি কেইবাটাও চিলাই কৰি তেজ যোৱা বন্ধ কৰিলে।

তেওঁ পিচদিনা অন্নমালাই স্বামীগালৰ ওচৰ পাই, ঘটনাটো কৈ স্বামীগালৰ পৰা সমিধান বিচাৰিলে। স্বামীগালে উত্তৰ দিলে, “তোমাৰ বিষ নাইকিয়া হ'ব। মই তোমাক তাৰ শিক্ষা দিম। তোমাৰ সত্য অন্বেষণৰ যি দুর্দান্ত সাহস সিয়ে তোমাক দিব্যজ্ঞান লাভত সহায়ক হ'ব।”

এই আশীৰ্ব্বচনে নিত্যানন্দৰ অনুসন্ধিৎসুতাক দুগুণে বঢ়ালে।

আজি

আজি নিত্যান্দদেৱ হাজাৰ হাজাৰ লোকৰ বাবে প্ৰেৰণাদায়ী ব্যক্তিত্ব। মহান গুৰু গৰাকীৰ সমুখত বহিবলৈ মানুহৰ কি প্রচণ্ড ভিৰ আৰু আগ্রহ।।

এংকৰ ভাট কম্বোদিয়া (অঙ্কয়ৰ্বট, কম্বোজ)

অন্নমালাই স্বামীগাল আৰু স্বয়ংকৃত আঘাত — তেখেতৰ নাম নিত্যানন্দ