বৰ্দ্ধনশীল বিবেকশক্তি
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
“ধ্যান হ'ল মূল চাবিকাঠি যি তোমাৰ সত্তাৰ দুৱাৰ মুকলি কৰিব পাৰে”
—নিত্যানন্দদেৱ
অৰুণাচলগিৰি আছিল নিত্যানন্দৰ সকলো। তাৰ এনে এটা শিল বা সুৰঙ্গ নাই যি তেওঁৰ স্পৰ্শ অনুভৱ কৰা নাই। অবিৰাম ধ্যানমগ্ন হৈ নিত্যানন্দই অৰুণাচলত সময় ব্যতীত কৰে, অৰুণাচলৰ মোহনীয় ৰূপত তেওঁ মোহ যায়। সততে ভাঁহি থাকে ঐশ্বৰিক পোহৰ।
(ৰঘূপতিযোগী আৰু (মাতৃ) কুপ্পামলে ধ্যানস্থ নিত্যানন্দৰ বহুতো ফটো তুলি ৰাখিছিল।)
আজি
অনন্য ধ্যান প্ৰগ্ৰামৰ মাধ্যমত
নিত্যানন্দদেৱে প্ৰতিগৰাকী ব্যক্তিক নিহিত
ধ্যানীগৰাকীক পৰিচৰ্য্যা কৰে। তেখেতে
প্ৰতিগৰাকী লোকৰ অন্তৰত (আনন্দৰ) ফুল
ফুলায়।
“যেতিয়ালৈকে তোমাৰ হাতৰ মুঠি খোলা, তুমি তাৰে বৈ থকা নদীখন অনুভৱ কৰিব পাৰিবা ; যদিহে ধৰিব খোজা, তুমি হেৰুৱালা।
—নিত্যানন্দদেৱ।
১২ বছৰ বয়সৰ সময়ৰ এদিন নিত্যানন্দই অৰুণাচলগিৰিৰ এটা শিলত বহি ধ্যানত মগ্ন হ’ল। অন্নমালাই স্বামীগালে তেওঁক শিকাইছিল কেনেকৈ মানুহৰ মনলৈ চিন্তাবোৰ আহে। সেইদিনা তেওঁ তাৰে পৰীক্ষা কৰিছিল।
লাহে লাহে তেওঁ নিজকে হেৰুৱাই পেলালে। তেওঁৰ নিজৰ ভাষাত, “হঠাতে যেন মোৰ অন্তৰৰ আকাশ মুকলি হৈ গ’ল। চকু মুদা যদিও মই, চাৰিওফালে ৩৬০ ডিগ্ৰী ঘুৰি মোৰ দৃষ্টিগোচৰ হ’ল। অকল মোৰ গাৰ ভিতৰতে নহয়, অন্যত্ৰও মই একে জীবনীশক্তিৰো অনুভৱ কৰিলো। মই অনুভৱ কৰিলো মই জী আছো শিলাত, গছ-গছনিত, ফুলত। মই জী আছো মোৰ চৌপাশৰ জড় আৰু চেতন-সৰ্বত্ৰ।
আজি
যি শিলাত বহি নিত্যানন্দই এই মহান অনুভূতি পাইছিল, এতিয়া “নিত্যানন্দ অনুয়ায়ী” সকলে বছৰি সেই শিলাখণ্ডক স্নান কৰায়।
অৰুণাচলগিৰিত ধ্যানমগ্ন নিত্যানন্দ
সেইয়া আছিল মোৰ জীৱনৰ পহিলা প্ৰগাঢ় অনুভৱ। এইয়ে মোৰ অন্তৰলৈ সকলোৰে প্ৰতি গভীৰ ভাল পোৱা আৰু আত্মীয়তাৰ অনুভৱ আনিলে। জীৱনৰ প্ৰতি শ্রদ্ধা বাঢ়িল। প্রতি জীৱ, যি যেনেকৈয়ে আছে, মোত স্থিত হোৱা পালো। সেইটোৱেই মোৰ প্ৰথম উপলব্ধি, যিটোৱে মোক পিচলৈ দিব্যজ্ঞান পোৱাত পাথেয় হ’ল। আৰু একমাত্র এই অনুভৱে সংসাৰৰ সকলো প্ৰকাৰৰ অসূয়া— ধৰ্মগত, জাতিগত, ভাষাগত- খন্তেকতে নাইকীয়া কৰি দিয়ে।”
নিত্যানন্দৰ এই প্ৰথম আধ্যাত্মিক অনুভূতি হৈছিল বুদ্ধ পূর্ণিমাৰ দিনা সন্ধ্যা আগমনৰ সময়ত। তামিল পঞ্জিকাৰ ৱৈকাচীমাহ, (মে’- জুন ইংৰাজীমতে)
নিত্যানন্দই অৰুণাচল পাহাৰটো সদায় পৰিভ্ৰমণ কৰিছিল। বোৱাৰী পুৱাতে (পুৱা ৪ বজা) তেওঁ পদব্ৰজে তিনি চাৰিঘণ্টা পৰিক্ৰমা কৰে; লগতে তেওঁ গীত গাই যায়। এক অবোধ শিশুৱে মাকৰ কোলাত খেলি থকাৰ দৰে, নিত্যানন্দয়ো বৰ্তমানৰ বুকুত আপোন পাহৰা হৈ অৰুণাচলগিৰিৰ সৈতে ওমলি আনন্দ লাভ কৰে।
এদিনাখন তেওঁ, মাজ ৰাতিতে, গিৰিপৰিক্ৰমাৰ বাবে ওলাই গ'ল। সেই দিনত বাট-পথনথকাৰ নিচিনাই। লাইটৰ ব্যৱস্থা নাছিলেই। এইয়া আছিল গছ-গছনিৰে ভৰা ডাঠ হাবিয়নি। তেওঁ এইদৰে আপোনমনে গীত গাই গৈ এখন নৈৰ পাৰ পালেগৈ। ইতিমধ্যে এজাক হায়েনা (কুকুৰ নেচীয়া বাঘৰ দৰে, কিন্তু হিংস্ৰ) তেওঁৰ পিনে চোচা লৈছে। তল মূৰকৈ গীত গাই গৈ থকা নিত্যানন্দই, হঠাৎ ওচৰত হিচ্ হিচ্ শব্দ শুনি মূৰ তুলি চাই, এক বিকট চিঞৰ মাৰিলে। ভয়তে মৰা এই চিঞৰটো ওলাইছিল তেওঁৰ 'হৰ'ৰ পৰা, তেওঁ 'স্বাধিষ্ঠান চক্ৰ' (spleen energy centre) ৰ পৰা। এনে চিঞৰ তেওঁ জীৱনত প্ৰথম মাৰিছিল। এই চিঞৰটো আছিল অৰুণাচলৰ ওচৰত সম্পূৰ্ণ সমৰ্পণ আৰু অনন্ত বিশ্বাসত যে, এই প্ৰাণান্তক বিপদত, ৰক্ষাকৰ্তা কেৱল অৰুণাচল।
হঠাতে, হাতত এডাল দণ্ড লৈ এগৰাকী বয়সীয়া সন্যাসী তেওঁৰ সমুখত তেওঁ দেখা পালে। সন্যাসীজনে দণ্ডডালেৰে হায়োনাৰ জাকটো খেদি পঠিয়ালে। বিপদৰ পৰা সাৰি নিত্যানন্দই মূৰ তুলি চাই দেখে যে অচিনাকি লোক জনো নাই। তেওঁ তত ধৰিবকে নোৱাৰিলে মানুহ গৰাকী নো কোন আছিল, ক'ৰ পৰা আহিছিল বা (এতিয়া) ক'লেকে গ'ল?
সেই বিকট চিঞৰটোৰ পিচত; নিত্যানন্দই অনুভৱ কৰিলে যে তেওঁৰ দেহটো বহুত লাহি হৈ গৈছে। আৰু তেওঁ বতাহত উৰাৰ দৰে আগতকৈ অধিক খৰ খোজেৰে তেওঁ পৰিক্ৰমা পূৰ্ণ কৰিবলৈ আগবাঢ়িল।
(Primal Therapy এটা আধুনিক চিকিৎসা বিধান য'ত বিকট চিঞৰৰ সহায়ত চেপা খাই থকা ঋণাত্মক ভাৱবোৰ নাশ কৰা হয়।)
হায়েনা আক্ৰমণৰ নাম বিকট ভয়
পাঠশালা গমণ— এক নৈমিত্তিক কাৰ্য্য
যিকোনো কাম মনোযোগেৰে
কৰিলে ধ্যান হয়।
তেতিয়া জীৱনটোৱেই হয় ধ্যানাত্মক।”
—নিত্যানন্দদেৱ।
পাঠশালা গমণ— নিত্যানন্দৰ বাবে এক নৈমিত্তিক কাৰ্য্যহে আছিল। তেওঁৰ পঢ়াৰ মুখ্য বিষয় ৰসায়ন আৰু পদার্থবিদ্যা আছিল। কিন্তু তাৰ টোকাবহীত আছিল ‘মন্ত্ৰ’ আৰু পূজাবিধি। কাষৰ চিত্ৰত তেওঁৰ মন্ত্ৰ ডায়েৰীৰ এখিলা পাত দিয়া হৈছে। তাত পূজা বিধিৰ চিত্রিত ৰূপহে আছে। এইখনেৰেই এতিয়া তেখেতৰ শিষ্য বৰ্গই পূজা কৰে। সেই কম বয়সতে তেওঁৰ এই ঐশ্বৰিক মনোবৃত্তি এক আশ্চর্য্যৰ বিষয়।
নিত্যানন্দৰ পঢ়াশলীয়া বন্ধুহঁতে তেওঁক জোকায়— “এইবোৰ (পূজা পাতল, ধ্যান) কৰি জীৱনত কিনো কৰিবাগৈ?”
তেওঁ মাথো মিচিকিয়াই হাঁহি কয়, “হ’ব, সময়ত দেখিবাগৈ নহয়?”
টৌকা বহী আৰু মন্ত্ৰ ডায়েৰী
আজি
“মই সৰু থাকোঁতে সদায় এটুকুৰা ঠাই বিচাৰিছিলো য’ত মই অময়া আনন্দৰ সম্ভেদ পাব পাৰো। মই ইয়াৰ সন্ধানত সুদীর্ঘ ন বছৰ কটালো। কিন্তু নাপালো। যি পাইছিলো সি আছিল খণ্ডিতা, ভগ্ন। এতিয়া, জ্ঞানলাভৰ পিচত মই প্ৰথমতে যুৱ সমাজকে তেনে এক স্থানৰ সম্ভেদ দিব বিচাৰিছো। গুৰুকুল আৰু Life Bliss Technology প্ৰগ্ৰাম তাৰে ফচল। ইয়াত যুৱাবৰ্গই অসীম মাত্রাত অন্বেষণ আৰু আবিষ্কাৰ কৰিবলৈ শিকে। কাম নকৰাকৈ কেনেকৈ কাম কৰিব পাৰি, গভীৰ বিবেক শক্তিৰে কেনেকৈ জীৱনত অময়া আনন্দ পাব পাৰি, শিকে।”
— নিত্যানন্দদেৱ
কিছুদিন পূৰ্বে নিত্যানন্দদেৱে তামিলনাডুত ব্যাখ্যান আৰু ধ্যান প্ৰশিক্ষণ দিছিল আৰু তেখেতে নিজ নগৰ তিৰুৱন্নমালাইত তাকে কৰিছিল। সভাৰ অন্তত তেখেতৰ দৰ্শনাভিলাষী লোকৰ শাৰীৰ মাজৰ পৰা কেইজনমান যুৱকক নিত্যানন্দদেৱে ওচৰলৈ মাতি আনি সাবটি ধৰি আশীৰ্বাদ দিছিল। যুৱক কেইজন, এই অভূতপূৰ্ব ব্যৱহাৰত হতবাক হৈছিল। কিয়নো এওঁলোকে পূৰ্বৰ এখন সভাত নিত্যানন্দদেৱক কিছু প্ৰশ্নৰে বিতত কৰিব বিচাৰিছিল। তেখেতৰ এই ব্যৱহাৰে শিষ্য প্ৰশিষ্য দর্শনার্থীসকলক মোহিত কৰিছিল।