KAILASA Library/তেখেতৰ নাম নিত্যানন্দ/আনুষ্ঠানিক শিক্ষাSign in
তেখেতৰ নাম নিত্যানন্দ

আনুষ্ঠানিক শিক্ষা

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

তামিলনাডুৰ গুদিয়াথাম পলিটেকনিকৰ পৰা নিত্যানন্দই মেকানিকেল ইঞ্জিনিয়াৰিঙত ডিপ্লোমা পাইছিল। নিত্যানন্দৰ কলেজৰ শিক্ষক সকলেই পৰৱৰ্তীকালত নিত্যানন্দদেৱৰ প্ৰাৰম্ভিক শিষ্য আছিল।

তিৰুৱন্নমালাইৰ শ্মশানভূমি। নিত্যানন্দৰ ধ্যানক্ষেত্ৰ। নিশাবোৰ তেওঁ ইয়াত ধ্যানত বহে। পুঁৱতি নিশা তেওঁ ঘৰলৈ উভতে। মাকদেউতাকে তেওঁৰ এই কার্যত বাধা নিদিয়ে।

জীৱন অময়া আনন্দ প্রযুক্তিবিদ্যা (Life Bliss Technology গুৰুকুল

আশ্ৰম হ'ল শক্তিৰ ক্ষেত্র,
তাৰ প্ৰতিটো পথৰ যাত্রাই অন্তঃমুৱা।”

— নিত্যানন্দদেৱ

গৃহত্যাগ

নিত্যানন্দৰ গৃহত্যাগৰ ইচ্ছা ক্রমান্বয়ে প্ৰৱল হ'বলৈ ধৰিলে। এদিনা নিশা সন্তর্পণে ঘৰ এৰিলে। এৰিলে চলি থকাৰ গতানুগতিক জীৱনধাৰা, অবিলম্বে প্ৰৱেশ কৰিলে তেওঁৰ ইঙ্গিত জীৱনধাৰাত।

নিত্যানন্দই তেওঁৰ সিদ্ধান্তটো পোনতে সাদৰী মাকক জনাব বিচাৰিছিল। তেওঁৰ মাতৃভক্তি আছিল অনুপম ; সেয়ে তেওঁ চাই ছিল যাতে তেওঁৰ গৃহত্যাগৰ ফলত মাতৃৰ মনৰ কষ্ট যিমানদূৰ পাৰি কম হওক। তেওঁ সেই নিশা দহমান বজাত মাতৃৰ কাষ চাপি সুধিলে, “মা মই মৰিলে তুমি কি কৰিবা?” মাকে ক'লে, “তই নো কি আপদীয়া কথা কৰ। ক চোন কি হৈছে?” নিত্যানন্দই উত্তৰ দিলে, বিশেষ একো হোৱা নাই সুধি চালো আৰু।” মাকে অলপ উদাসীনভাবে ক'লে, “মইনো কি কৰিব পাৰো? যদি তেনে কিবা হয়, সহিবই লাগিব আৰু।” তেতিয়া নিত্যানন্দই তেওঁ মনৰ কথা ক'লে। মাতৃ হৃদয় কান্দোনত ভাঙি পৰিল। দুষাৰি চকুলো নিগৰি বৈ গ'ল। উচুপী উচুপী মাকে ক'লে, মই জানিছিলো, তই এদিন এৰি থৈ যাবিগৈ।” তেওঁ মাকক সুধিলে যে তেওঁ যোৱাটো মাকে সঁচাকৈয়ে নিবিচাৰে নেকি? এইবেলি কিছু সংযত হৈ মাকে ক'লে, “নাই, তেনে নহয়। মই জানো তই যাবি ; যা, তই মনে প্রাণে ইচ্ছা কৰা জীৱনটোকে ল'গৈ। মই তোক ৰাখিব নোৱাৰো আৰু তই যোৱাতো মাক হৈ মই কেনেকৈ সহোঁ। সেয়ে কান্দিছো বোপা।”

নিত্যানন্দই মাতৃ হৃদয়ৰ কান্দোনৰ মোল বুজিলে। মাকে অতি দুখতো, নিত্যানন্দৰ ইঙ্গিত জীৱনত বিধি পখালি নিদিলে; বৰং বিদায়হে দিলে। মাতৃৰ মহানতাত অভিভূত হ'ল পুত্ৰ। কিন্তু দুয়ো নিজৰ স্থিতিত বাহাল থাকিল।

“সকলো মগন তীৰ্থই
সত্তা-এনাৰ্জিৰ আবাসথলী।
তাত থাকিব পৰাটোৱেই এক গভীৰ ধ্যান (সদৃশ)।

— নিত্যানন্দদেৱ।

অন্তৰৰ অসীম ইচ্ছা শক্তিয়ে নিত্যানন্দক ভাৰত আৰু নেপাল ভ্ৰমণত নমাই দিলে। হিমালয়ৰ তপোবনৰ পৰা দক্ষিণৰ কন্যাঁকুমাৰীলৈ, পাশ্চিমৰ দ্বাৰকাৰ পৰা পূব দিশৰ কলকাতালৈ তেওঁ পৰিব্ৰাজক (সাধুসম্তৰ ভ্ৰমণ) ৰূপে ৯ বছৰ কাল ভ্ৰমণ কৰি তেওঁৰ সত্তাৰ চূড়ান্ত সত্তাৰ সৈতে মিলি যোৱাৰ অভিজ্ঞতা আহৰণ কৰিলে। মুঠ ভ্ৰমণৰ প্ৰায় ৭০ হাজাৰ মাইলৰ কেই হাজাৰ মাইল তেওঁ পদব্ৰজে ভ্ৰমণ কৰিলে।