মহা অৱতাৰ বাবাজী
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
মহা অৱতাৰ বাবাজী হিমালয় নিবাসী সন্যাসী। পৰিব্ৰাজক নিত্যানন্দই হিমালয় ভ্ৰমণকালত বাবাজীৰ সম্ভেদ পায়। বাবাজীয়ে তেওঁক দৰ্শন দিয়ে আৰু বাৰ্তালাপৰ অন্তত তেওঁক ‘পৰমহংস নিত্যানন্দ’ বুলি সম্বোধন কৰে। পিচলৈ সেয়ে নিত্যানন্দৰ পৰিচয়াত্মক অভিধা হয়।
মহা-অৱতাৰ বাবাজী
আজি
নিত্যানন্দদেৱে সময়ে সময়ে তেখেতৰ শিষ্যবৃন্দক লৈ হিমালয়লৈ আৰু তৱস্থ উচ্চস্তৰীয় আধ্যাত্মিক শিবিৰলৈ যায়। এই আধ্যাত্মিক ভ্ৰমণৰ যোগেদি তেখেতে প্ৰতি লোকৰ অন্তৰত উচ্চতম সত্তাৰ উপলব্ধিৰ স্পৃহা জগায়।
২০০৭ চনত হিমালয় দৰ্শন
পৰিব্ৰাজক কালচোৱাত
নিত্যানন্দদেৱে এটা কমণ্ডলুত পানী
লয়। তাত প্ৰথমতে এই ৰুদ্ৰাক্ষ
পেণ্ডুলামটো ডুবুৰিয়াই পানীত থকা
উৰ্জা (energy) জোখে। সেই
মতে উপযুক্ত গণ্য কৰিলেহে পানী
খায়।
তেখেতে এটা গেৰুৱা
বস্তুৰ বেগ লৈ ফুৰে।
তাতে পবিত্ৰ ভস্ম ৰাখে।
পৰিব্ৰাজক কালছোৱাত
পিন্ধা ৰুদ্ৰাক্ষ মালাৰ গুটি
কেইটামান
প্ৰথম আৰোগ্য আশ্চর্য
হিমালয়ৰ ১৭ হাজাৰ ফুট উচ্চত থকা তপোবনৰ পৰা এখন মিলিটাৰী ট্ৰাকত উঠি নিত্যানন্দ তলৰ কেম্পলৈ নামি আহোঁতে ট্রাকখন এটা খালত সোমোৱাত লুটি খালে। তেওঁ উফৰি গৈ লোহাত পৰিল, হাড় ভাগিল। মিলিটাৰী ডাক্তৰে তেওঁক হস্পিতেলত ভৰ্তি কৰাই পোন্ধৰ দিনৰ জিৰণিৰ উপদেশ দিলে। তেওঁ সেই উপদেশ নামানি, দুখ পোৱা ঠাইত নিজৰ হাত বুলাই দি নিজ পথৰে গুচি গ'ল আৰু হৰিদ্বাৰ পালে। তাতে এক্সৰে কৰি দেখা গ'ল যে তেওঁৰ হাড় ভঙাৰ চিন নাই। নিত্যানন্দ নিজেই আচৰিত হ'ল। পিচত নিত্যানন্দৰ হাতৰ যাদুকৰী শক্তিয়ে হাজাৰজনক উপকৃত কৰিলে।
আজি
নিত্যানন্দদেৱে নিত্য স্পিৰিচুৱেল হিলিং
চাৰ্ভিচ (Nithya Spiritual Healing
Service) ৰ যোগেদি এই আৰোগ্য সেৱা
হাজাৰজনলৈ আগবঢ়াই আহিছে।