মণিকর্ণিকা ঘাট, বাৰণসী— মৃত্যু জয়
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
বাৰাণসীৰ গংগাতীৰৰ মণিকর্ণিকা ঘাটক অতি পৱিত্ৰ গণ্য কৰা হয়। ইয়াতে শৱ দাহ কৰিলে আত্মাই মুক্তি পায় বুলি অনন্তকালৰ পৰা বিশ্বাস চলি আহিছে। অন্য এক বিশ্বাস মতে শিৱই ইয়াৰ পৰা বিশ্ব ৰচনা কৰিছিল।
ইয়াতে গভীৰ ধ্যানত বহি নিত্যানন্দই ‘মৃত্যু’ অভিজ্ঞতা অৰ্জন কৰিলে। সাধাৰণ মানুহে সবাতোকৈ অধিক ভয় কৰা (অথচ নিশ্চিত) মৃত্যুক তেওঁ জয় কৰিলে।
গংগা তীৰত মণিকর্ণিকা ঘাট বাৰাণসী
সন্যাসী জীৱনৰ পৰিৱ্ৰাজক ৰূপেৰে ঘূৰি ঘূৰি
শেহত ২২ বছৰ বয়সত নিত্যানন্দই সিদ্ধি লাভ
কৰে। কাষৰ চিত্ৰখন দিব্যজ্ঞান লাভ কৰাৰ
পিচতে লোৱা তেওঁৰ প্ৰথম চিত্ৰ। চকুত আগৰ
তিৰবিৰণি শেষ হ’ল; তাৰ ঠাই ল’লে সমাহিত
পৰমশান্তি দৃষ্টিয়ে। জন্মপত্ৰ মতে অভিহিত
ৰাজশেখৰণ এতিয়াৰ পৰা হ’ল ‘পৰমহংস
নিত্যানন্দ’।
আজি
নিত্যানন্দদেৱে কয় : ‘আধ্যাত্মিক ভ্ৰমণে মানুহৰ আধ্যাত্মিক বিকাশত প্ৰচুৰ অবিহণা যোগায়।’ ব্ৰহ্মচৰ্য প্ৰশিক্ষণ কাৰ্যক্ৰমৰ অংশৰূপে তেখেতে অংশগ্ৰহণকাৰীসকলক ভিক্ষা খুজিবলৈ পঠিয়ায়। তেখেতে কয়, “সন্যাসীৰ ভিক্ষা গ্ৰহণ এক উপায়আবেগিক ভাৱবোৰৰ পৰা মুক্তি পোৱাৰ। ভিক্ষা খুজিলে ভিক্ষা পোৱাতো আনন্দ নাই, নাই নিৰানন্দ। নোপোৱাতো।”