তেখেতৰ নাম নিত্যানন্দ
দিব্যজ্ঞান লাভৰ আৰম্ভণিৰ দিনচেৰেক
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
চৰম সত্তাৰ অদৃশ্য হাতৰ নিৰ্দেশত নিত্যানন্দদেৱ মধ্যপ্ৰদেশৰ ওমকাৰেশ্বৰৰ পৰা দক্ষিণ ভাৰতৰ তামিলনাডু পালেগৈ। তাতে কাবেৰী তীৰত এটি পঁজাত আশ্ৰয় ল'লে। কাষৰ গাঁৱৰ ভক্তবৃন্দই দিন ৰাতিৰ সিধা দিলে তাৰে তেখেতে পেট প্ৰবৰ্তাই, বহুতো ৰোগীৰ ৰোগ নিৰাময় কৰিলে। তেখেতে নিত্য হোম যজ্ঞ কৰাৰ উপৰিও সমূহীয়াকৈ বা স্বতন্ত্রৰীয়াকৈ লোকক ধ্যানৰ শিক্ষা দিলে। যুৱক সন্ন্যাসীৰ ৰোগ নিৰাময় কৰাৰ কথা বন জুই বিয়পাদি বিয়পিল। জনসমাগম দিন প্রতিদিন বাঢ়িবলৈ ল'লে। লগে লগে বাঢ়িল তেখেতৰ সেৱাকাৰ্য।