এটা সংকল্পনা (VISION) ৰ প্রস্ফুটন
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
“মই অময়া আনন্দলাভৰ এক উপায় উলিয়াইছোঁ। মোৰ মিশন হ'ল প্রত্যেক ব্যক্তিয়ে বুজক যে তেওঁ অনন্য আৰু অসীম। আৰু সেয়ে হ'ল তেওঁৰ আচল অময়া আনন্দ।”
—নিত্যানন্দদেৱ
নিত্যানন্দদেৱে অন্তর্দৃষ্টিৰে তেখেতৰ হ'বলগীয়া আশ্রমৰ ভূমিখণ্ডৰ সম্ভেদ পাইছিল। বাঙ্গালোৰৰ উপকণ্ঠত ৬০০ বছৰীয়া এজোপা বটবৃক্ষৰে সমৃদ্ধ এই ভূমিখণ্ড, লোক সমাজত ‘জীৱ সমাধি’ নামেৰে জনাজাত আছিল। কিয়নো কোনোবা এগৰাকী মহান পুৰুষৰ একালৰ আবাসস্থলী আছিল সেই ঠাই। নিত্যানন্দদেৱৰ ষষ্ঠ বিংশতি জন্মদিনৰ দিনাই বাঙ্গালোৰৰ বিডাডিৰ সেই ভূমিত “নিত্যানন্দ ধ্যানপীঠম”ৰ আনুষ্ঠানিক শুভাৰম্ভ হ'ল। এই শুভাৰম্ভ অনেক আধ্যাত্মিক সাধু আৰু ৰাজনৈতিক নেতাই দর্শন কৰিলে। পৃথিৱীত এক নবীন আধ্যাত্মিক আধাৰশিলা ৰোপণ হ'ল।
নিত্যানন্দদেৱ, বিশ্বৰ হাজাৰজন মানৱৰ বাবে, প্ৰবাদ পুৰুষ, দিব্যজ্ঞানী মনীষী। তেখেতৰ সত্য উপলব্ধিৰ ওপৰত ভিত্তি কৰি, তেখেতে মানৱসমাজৰ প্ৰতিজনলৈ আগবঢ়াইছে অনুপম উপহাৰ Technol-ogy of Bliss (অময়া আনন্দৰ প্ৰযুক্তিবিদ্যা)।
তেখেতৰ নিৰ্দেশিত উপায়ে মানুহক দৈহিক, মানসিক আৰু আধ্যাত্মিক শক্তি দিয়ে। তেখেতৰ উপায় প্ৰয়োগ কৰি অতি কম সময়ত পৃথিৱীৰ অগনন লোকে অভিনৱ পৰিৱৰ্তন অনুভৱ কৰিছে।
সৃজনীমূলক আৰু উৎপাদনমুখী জীৱন নিৰ্বাহৰ বাবে লাগতিয়াল সৰঞ্জাম তেখেতে দিছে, যাৰ ফলত মানুহৰ জীৱন পুথিজ্ঞান বা উত্তেজনাৰ পৰিৱৰ্তে স্বজ্ঞা আৰু স্ববুদ্ধিৰ দ্বাৰা পৰিচালিত হয়। বাহ্য পৃথিৱীত সমৰ্থবান হ’বলৈ আৰু একে সময়তে অন্তঃ জগততো সফল হ’বলৈ তেখেতে পথ দেখুৱাইছে। তেখেতৰ প্ৰগামৰ শিকনি হ’ল স্বাভাৱিক অৱস্থা লোৱা অৰ্থাৎ ধ্যান কৰা।
নিত্যানন্দদেৱে কৈছে, “ধ্যান হ’ল মূল চাবিকাঠি যিয়ে বস্তুৱাদী সংসাৰত সাফল্যৰ কপাট খুলি দিয়ে আৰু অন্তঃ জগতৰ সন্তুষ্টিৰ দুৱাৰ মুকলি কৰে।” তেখেতৰ কিটিপ আৰু প্ৰণালীবোৰে, য’ত ধ্যান নিহিত আছে, মানুহৰ অন্তৰাত্মাক জগাই তোলে, বিকশিত কৰি তোলে- অতি কম সময়তে।
নিত্যানন্দদেৱে বিজ্ঞানীৰ সৈতে, গৱেষকৰ সৈতে বিচাৰ বিমৰ্শ কৰি ৰহস্যবাদৰ বিজ্ঞানভিত্তিক বৃত্তান্ত নথীভুক্ত কৰে। তেখেতৰ স্নায়ুবিদ্যা প্ৰক্ৰিয়াৰে তেখেতে চিকিৎসা বিজ্ঞানীকো বিমোৰত পেলাইছে। তেওঁলোকে অনেক পৰ্যবেক্ষণৰ পৰা নিশ্চিত হৈছে যে, তেখেতৰ (নিত্যানন্দদেৱৰ) পন্থাবে কিছুৰোগ যেনে- হৃদয় ৰোগ, কেন্সাৰ, আৰ্থাৰাইটিছ, মদ্যপান আদিৰ ক্ষেত্ৰত ভাল ফল পাব পাৰি।
'Life Bliss Foundation' হ'ল নিত্যানন্দদেৱৰ বিশ্বজোৰা আন্দোলন— ধ্যান আৰু পৰিবৰ্তন আৰু পৰিমার্জনৰ। মাত্ৰ ২০০৩ চনত আৰম্ভ হোৱা এই ফাউণ্ডেণ্ডেশনৰ বর্তমানে ৩৩ দেশত ১০০০ অধিক কেন্দ্ৰ প্ৰতিষ্ঠা হৈ গৈছে। ব্যক্তিৰ পৰিবৰ্তনেৰে সমষ্টিৰ পৰিবৰ্তনেই হ'ল এই ফাউণ্ডেশ্বনৰ মূল ধাৰণা।
নিত্যানন্দ মেডিটেশ্বন একাডেমী (Nithyananda Meditation Acad-emies, NMA) য়ে বিশ্বজুৰি আধ্যাত্মিক গবেষণাগাৰ ৰূপে চিহ্নিত হৈছে। ধ্যান আৰু বিজ্ঞানৰ সমন্বয়েৰে এই একাডেমীবোৰত মানুহৰ বাহ্য, আৰু, অন্তঃ, দুয়ো প্ৰকাৰৰ সত্তাৰ বিকাশ আৰু উন্নতিৰ উদ্দেশ্যে এই একাডেমীৰ শিক্ষাক্ৰম ৰচনা কৰা হৈছে।
বিদাদী আশ্ৰমৰ পৱিত্ৰ বটবৃক্ষজোপা
এই একাডেমীয়ে বস্তুবাদী জগত আৰু
আধ্যাত্মিক জগতৰ মিলন ঘটাই এক
অমেয়া আনন্দৰ জীৱনৰ সন্ধান
দিয়ে— য'ত ৰচনাত্মক বোধশক্তি
গভীৰ সজাগতাৰ পৰা উদ্ভৱ হয়।
হায়দৰাবাদ আশ্রম (ভাৰত)
তদুপৰি বিশাল জনসমুদায়ৰ আশা
আকাংখ্যা, কল্পনাক সাকাৰ কৰাৰ অর্থে
অনেক নবীন প্রকল্প লোৱা হৈছে ;
নতুনকৈ একাডেমী অনেক ঠাইত
প্রতিষ্ঠা কৰা হৈছে।
কলম্বাছ আশ্ৰম, অহাইঅ', আমেৰিকা ফাউণ্ডেশ্নৰ মাধ্যমত বিভিন্ন পৰিসৰৰ ধ্যান আৰু সমাজসেৱা কাৰ্য গোটেই বিশ্বতে বিয়পাই দিয়া হৈছে। উদাহৰণ স্বৰূপে নিত্য স্পিৰিচুৱেল হিলিং পদ্ধতি অনুসাৰে বিনামূলীয়া উৰ্জা চিকিৎসা (energy healing), যুৱক-যুৱতীৰ বাবে নিঃশুল্ক শিক্ষা, কলা আৰু সংস্কৃতি চৰ্চাৰ বাবে প্ৰোৎসাহন, ব্যক্তিত্ব বিকাশ প্ৰগ্ৰাম, সংগীয় প্ৰগ্ৰাম, বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, চকু চিকিৎসা; বিশ্বৰ সকলো
আনন্দেশ্বৰ মন্দিৰ গৰ্ভগৃহ, বিদাদী আশ্রম
আশ্ৰমত বিনামূলীয়া
আহাৰ, এবছৰীয়া
আধ্যাত্মিক প্ৰশিক্ষণ
প্ৰগ্ৰাম (ভাৰত),
গুৰুকুল পদ্ধতিত
শিশুলৈ শিক্ষা ইত্যাদি।
চালেম আশ্রম (ভাৰত)
নিত্য ধীৰ সেৱা সেনা (Nithya
Dheera Seva Sena
NDSS), ৰ সদস্যসকলক
'আনন্দ-সেৱক' বোলা হয়। স্বয়ং
আহি যোগদান কৰা এই ‘আনন্দ-
সেৱক' (স্বেচ্ছাসেৱক) সকলে
অতি উৎসাহ, ধৈর্য আৰু নিষ্ঠাৰে
প্ৰতিষ্ঠিত আশ্ৰমৰ কাম-কাজবোৰ
নিয়াৰিকৈ কৰি নিয়ে।
লচ এঞ্জেলিচ আশ্রম, আমেৰিকা
Ebook ISBN: 979-8-88572-646-7