KAILASA Library/তেখেতৰ নাম নিত্যানন্দ/ভূমিকাSign in
তেখেতৰ নাম নিত্যানন্দ

ভূমিকা

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

মানুহে বাহ্যিক জগতখনত যিহকে নিবিচাৰক কিয়, তেওঁৰ চূড়ান্ত সন্ধান হ’ল অন্তঃ অময়া আনন্দ। জীৱনকালতে তেওঁ এই সন্ধানৰ ফল ভোগ কৰিব বিচাৰে। যেতিয়া তেওঁ এই সন্ধান বুজি উঠে, তেতিয়া তেওঁ নিজৰ উপলব্ধিৰ পিনে অগ্ৰসৰ হ’বলৈ সাজু হয়। প্ৰাচ্যই হাজাৰ হাজাৰ এনে উপলব্ধি লভা লোকৰ জন্ম দিছে, যিসকলে বিশ্বমানৱক এই একে পথেৰে আগবঢ়াই নিছে।

“নিত্যানন্দ”— আধুনিককালৰ স্বীকৃত জ্ঞানপ্ৰাপ্ত এটি মনীষা। চহকী পাৰমাৰ্থিক পৰম্পৰাৰ মাজত জন্ম লোৱা সত্যগ্ৰহী নিত্যানন্দই, নিচেই কোমল তিনিবছৰ বয়সৰ পৰাই যোগ, মন-দেহ আত্মাৰ সমাকলন, ধ্যান, তন্ত্র, বেদান্ত আৰু অন্যান্য প্ৰাচ্য অধিবিদ্যাত মনোনিবেশ কৰিলে। জ্ঞানপ্ৰাপ্তিৰ পূৰ্ব্বে তেওঁ হাজাৰ হাজাৰ অন্তঃ বিজ্ঞান প্ৰক্ৰিয়াৰ বিষয়ে গৱেষণা কৰিলে।

একান্ত মনেৰে লাগি জ্ঞানপ্ৰাপ্তিৰ লক্ষ্যত সাফল্য লভি, নিত্যানন্দ আজি বিশ্বৰ চতুৰ্দিকৰ অগণিত লোকৰ বাবে হৈ পৰিল পূজ্য-দিব্যজ্ঞানী ব্যক্তিত্ব। ধ্যান-প্ৰগ্ৰামবোৰৰ যোগেদি তেখেতে প্ৰতিগৰাকী ব্যক্তিকে (জীৱন সমস্যাৰ) তাৎক্ষণিক সমাধান আৰু আধ্যাত্মিক জ্ঞান প্ৰদান কৰে, আৰু আত্মবিশ্বাস বঢ়ায়।

আজিৰ যুৱসমাজক তেখেতে দিছে নিজকে অন্বেষণ কৰাৰ আৰু উপলব্ধি কৰাৰ প্ৰচুৰ সম্ভাৱনা।

নিত্যানন্দদেৱে এক মিশ্যনৰ গঢ় দিছে, যাৰ সহায়ত একোজন লোকে নিজকে ওপৰলৈ তুলি, উচ্চতৰ সত্তাৰ সান্নিধ্য পাবলৈ পাৰে। তেখেতৰ মিশ্যন হ’ল পৃথিৱীত অন্তঃ অময়ানন্দৰ বিজ্ঞানক প্রতিষ্ঠা কৰা। তেখেতে মানুহক শিকায় কেনেদৰে নৈজ ক্ষমতা খিনিক সদুপযোগ কৰি তাৰে এক জ্ঞানোপলব্ধি কৰিব পাৰি। তেখেতে কয়, “আমি এখন জ্ঞানোদ্দীপ্ত সমাজৰ সৃষ্টি কৰিব লাগে যাৰ, সত্যৰ প্রতি শক্তিশালী মূলভুত বিশ্বাস থাকে।” বিজ্ঞান আৰু অধ্যাত্মবিদ্যাৰ সংযোগ ঘটাবলৈ তেখেতে বিশ্বৰ বিজ্ঞানীৰ সৈতে বিচাৰ বিমৰ্শ কৰি আছে।

এই পুস্তিকাত আছে নিত্যানন্দদেৱৰ দিব্যজ্ঞান প্ৰাপ্তিৰ দিশত পথ পৰিক্ৰমা। তেখেতৰ শব্দাৱলীত পাঠকে সত্য বিষয়ক তেখেতৰ মহান অভিজ্ঞতা সম্ভেদ পাব। ‘মহা মহা পুৰুষৰ চানেকিৰে জীৱনৰ আমিও কৰিব পাৰো জীৱন গঢ়িত।’ এগৰাকী মহাপুৰুষৰ জীৱনীৰ অধ্যয়নে পাঠকৰ মনত উন্নত জীৱন, আধ্যাত্মিক জীৱনৰ বাসনা জন্মায়ু। এই পৃথিৱীৰ এগৰাকী মহান মনীষীৰ উদ্দীপনাময় জীৱন কাহিনীৰ স্বাদ লওকচোন।

পুস্তিকাত পূৰ্বাশ্ৰমৰ উল্লেখ কৰোতে তেখেতক কেৱল ‘নিত্যানন্দ’ আৰু ‘তেওঁ’ বুলি উল্লেখ কৰা হ’ব।

(নিত্যানন্দদেৱৰ পূৰ্ণ জীৱনীৰ বাবে Nithyananda vol. I গ্ৰন্থখন পঢ়িব পাৰে। তাত তেখেতৰ ১৭ বছৰ বয়সলৈকে জীৱনগাথা লিখা আছে। পৰৱৰ্তী খণ্ডবোৰ প্ৰকাশৰ পথত।)

আৱিৰ্ভাৱ

“পৃথিৱীত জন্মগ্ৰহণ কৰাৰ পূৰ্ব্বেই
প্ৰতি আত্মাই জানি বুজি সময়,
স্থান, পিতৃকুল আৰু মিশন
নিৰ্দ্ধাৰণ কৰি লয়।”

—নিত্যানন্দদেৱ।

অৰুণাচলৰ স্বর্গীয় আকৰ্ষণীয় আভা আৰু অৰুণাচলেশ্বৰৰ দিব্য শক্তিৰ প্ৰৱেশত অৰুণাচলম আৰু লোকনায়কীৰ দ্বিতীয় সন্তানৰূপে নিত্যানন্দৰ জন্ম হয়।

পৱিত্ৰ অৰুণাচলগিৰিয়ে সময়ে সময়ে জগতলৈ এনে দিব্য পুৰুষ দান দিছে— যি সকলে লাখ লাখ লোকক জ্ঞান দানৰ দ্বাৰা মুক্তিৰ সন্ধান দিছে। শেষাদ্বি স্বামী গল, ভগৱান শ্রীৰমণ মহৰ্ষি, যোগী ৰামসুৰত কুমাৰৰ দৰে মহান মনীষীসকল এই অৰুণাচলৰে অৱদান।

শিশু অৱস্থাৰ নিত্যানন্দদেৱ।

নিত্যানন্দৰ মাতৃয়ে দক্ষিণভাৰতৰ তিৰুপতি তীৰ্থ দৰ্শনলৈ যাওঁতে গম পালে যে তেওঁ ইতিমধ্যে দ্বিতীয় সন্তানৰ বাবে অন্তঃসত্ত্বা হৈছে। আধ্যাত্মিক কেন্দ্রস্বৰূপ তিৰুৱনমাল্লাই (দক্ষিণভাৰত) নামৰ পৱিত্ৰ স্থানত ১৯৭৪ চনৰ ১ জানুৱাৰীত নিত্যানন্দৰ জন্ম হ'ল। জন্ম পত্রিকা মতে নাম ৰখা হ'ল ৰাজশেখৰন।

আজি

অৰুণাচল
পৱিত্ৰ গিৰি,
শিৱৰ পুনৰাৱিৰ্ভাৱস্থলী।
এতিয়া সমগ্ৰ পৃথিৱীৰ
জ্ঞানাৰ্থীৰ
আধ্যাত্মিক আকৰ্ষণ থলী।

অৰুণাচলগিৰি

গোত্র পুৰোহিত

“মোৰ দেৱত্ব প্ৰকাশ কৰা মোৰ মিশ্যন নহয়, মোৰ মিশ্যন হ’ল তোমাৰ দেৱত্ব প্ৰমাণ কৰা।”

— নিত্যানন্দদেৱ

আজি

তোমাৰ ভৱিষ্যৎ জানিবলৈ
মোৰ কাষলৈ নাহিবা।
তাক নিৰ্মাণ কৰিবলৈ হ’লে
মোৰ কাষলৈ আহিবা।
গ্ৰহদোষ সৰাব উপায় মই নিদিওঁ,
বৰং শিকাম কেনেকৈ গ্ৰহৰ প্ৰভাৱ
অতিক্ৰম কৰিব পাৰি।

— নিত্যানন্দদেৱ

নিত্যানন্দৰ জন্ম পত্রিকা কৰিবলৈ লৈ গোত্র পুৰোহিত আচৰিত হ’ল। কিয়নো নৱজাতকৰ নক্ষত্ৰ আৰু গ্ৰহ সমূহৰ অৱস্থান আছিল অভূতপূৰ্ব। পুৰোহিতে পিতৃমাতৃক চমকপ্ৰদ ভৱিষ্যবাণী শুনালে— এই নৱজাতক ৰাজসন্ন্যাসী হ’ব। এনে এক ভৱিষ্যবাণী কৰি পুৰোহিতে নিজকে ধন্য মানিলে আৰু জ্যোতিষ গণনা চিৰদিনলৈ এৰি দিলে।

যোগ আৰু প্ৰাৰ্থনা

শিক্ষক আৰু বান্ধৱ ৰঘুপতি যোগী

পিতৃ-মাতৃয়ে শিশু নিত্যানন্দৰ আধ্যাত্মিক জীৱনৰ আৰম্ভণি মাথো চাই থকাৰ বাহিৰে উপায় নাছিল।

তিনি বছৰ বয়সতে নিত্যানন্দই যোগী ৰঘুপতিক লগ পায়। যোগীৰাজ ৰঘুপতি মহাৰাজ আছিল এক ধনুৰ গুণৰ দৰে কঠিন আৰু সুদৃঢ় শৰীৰৰ অধিকাৰী, ভাৰত, তিব্বত আৰু ম্যানমাৰ (ব্ৰহ্মদেশ)ত কঠোৰ সাধনাৰ উপলব্ধ যোগৰ অধিকাৰী। এই যোগীয়ে হ’ল শিশু নিত্যানন্দৰ গুৰু আৰু লগৰী। ভৱিষ্যদৰ্শী যোগীয়ে শিশু নিত্যানন্দৰ শৰীৰ আৰু মন যোগ শিক্ষাৰে নিপোটল কৰি তুলিলে।

ৰঘুপতি যোগী

পৰাশক্তি (নাৰী ৰূপত আদ্যাশক্তি) পৰাশক্তিয়ে নিত্যানন্দৰ মানসচক্ষুত দৰ্শন দিলে। তেওঁ ততালিকে তাৰ কাঠ পুত্তলিকা তৈয়াৰ কৰিলে (কাষৰ চিত্ৰত)

যোগ হ’ল মানুহ আৰু ভগৱানৰ মিলন
প্ৰাৰ্থনা হ’ল (ভাৱনাৰ)
অস্তিত্বৰ প্ৰতি পোনপটীয়া কৃতজ্ঞতা।

—নিত্যানন্দদেৱ

যোগী ৰঘুপতিয়ে নিত্যানন্দক যোগৰ
নানা কৌশল আৰু অসাধাৰণ বিদ্যা
শিকালোও, লগতে কৈছিল যে এইবোৰ
কিন্তু আধ্যাত্মিক উদ্‌গতিৰ পাথেয় নহয়,
আৰু চৰম সত্যৰ উপলব্ধি এইবোৰৰ
স্পৰ্শৰ উৰ্দ্ধত।

আজি

যোগগুৰু ৰঘুপতিৰ পৰা পোৱা
মহান শিক্ষণ প্ৰশিক্ষণক সুৱঁৰি
নিত্যানন্দদেৱে গুৰুৰ নামত
“নিত্য-যোগ”ৰ প্ৰৱৰ্তন
কৰিছে। নিত্যযোগ হ’ল যোগ
বিজ্ঞান আৰু দিব্যানুভূতিৰ
আহিল।

দেশে দেশান্তৰে নিত্যযোগৰ
বিস্তাৰৰ বাবে শিক্ষিত কৰি
তোলা হৈছে যুৱক-যুৱতীৰ
পৰা ‘নিত্য যোগাচাৰ্য’।

যোগধ্যানত নিমগ্ন ১০ বছৰীয়া নিত্যানন্দ (আৰুন্তণিৰ ফাইল ফটো)

যি মূলা বাঢ়িব তাৰ দুপতীয়াতে চিন। যোগীয়ে ১০ বছৰীয়া শিষ্য নিত্যানন্দক

“পতঞ্জলি যোগসূত্ৰ”ৰ বিষয়ে ভাষণ দিবলৈ দিলে তিৰুৱন্নমল্লাইত। প্ৰায় হাজাৰেক লোকে কিশোৰ যোগীজনৰ পৰা এই একক যোগসূত্ৰৰ ব্যাখ্যা তন্ময়তাৰে শুনিলেহি।